মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ - ৰমাকান্ত দেউৰী
মৰিগাঁৱৰ দমাল খেলপথাৰত অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাখনত টাইগাৰ্ছ ক্লাৱে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ।
![মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9655177-thumbnail-3x2-morigaon.jpg)
মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ
মৰিগাঁও,25 নৱেম্বৰঃমৰিগাঁৱত দমাল টাইগাৰ ক্লাবৰ উদ্যোগত দমাল খেলপথাৰত অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখন মানিপুৰ ফুটবল একাদশ বনাম দমাল টাইগাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হয়। মিণ্টু বৰদলৈয়ে পৰিচালনা কৰা চূড়ান্ত প্ৰতিযোগিতাৰ শেষাৰ্দ্ধ লৈকে শূন্য গলৰে সমতা স্থাপন কৰে। অৱশেষত সমিতি তথা পৰিচালকৰ সিদ্ধান্ত মতে ট্ৰাইবেকাৰ পদ্ধতিৰে দমাল ক্লাৱে তিনি গলৰ বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।