অসম

assam

ETV Bharat / state

এটা মন্দিৰৰ কাষত বাগৰি বাগৰি কান্দিছে একাংশ ৰাইজে - মেচিন নাও

বান আৰু ক'ৰণা ত্ৰাসৰ মাজতে কান্দোনৰ ৰোল উঠিছে মৰিগাঁৱত । গাঁও এৰা সকলো পুৰুষ মহিলা আহি এটা নামঘৰৰ ওচৰত সেৱা লৈ বিদায় জনাইছে । সকলোৱে কেৱল কান্দিছে । বানে স্থান এৰিবলৈ বাধ্য কৰিছে তেওঁলোকক ৷

The Brahmaputra river's erosion
The Brahmaputra river's erosion

By

Published : Jul 25, 2020, 2:24 PM IST

মৰিগাঁও, 25 জুলাই : মৰিগাঁৱত উঠিছে কান্দোনৰ ৰোল। শিশুৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলা সকলোৱে কেৱল কান্দিছে । সকলোৰে চকুত চকুলো । কোনেও কাৰো মুখলৈ চাব নোৱাৰে । গাব পৰা নাই প্ৰৰ্থনা। বুকুত হেঁচা মাৰি বেজাৰে। কোনোবাই চেপি-খুন্দি ৰাখিছে যদিও নীৰৱে টুকিছে চকুপানী । দায়-দোষ নধৰিবলৈ কাকূতি কৰিছে ঈশ্বৰক ৷

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ম'হমাৰী পথাৰ ছাগলীপানীখোৱা গাঁৱৰ ঘটনা এইয়া ৷ এই গাঁৱত এতিয়াও ৩৫ টা খিলঞ্জীয়া পৰিয়ালে বসবাস কৰে ৷ যুগ-যুগ ধৰি বসবাস কৰি আছিল পৰিয়াল কেইটাই ৷ লুইতৰ প্ৰলয়ংকৰী খহনীয়াত মাটি-ভেটি হেৰুৱাই কিছু পৰিয়াল ইতিমধ্যে স্থানান্তৰ হৈছে আন স্থানলৈ ৷ প্ৰাচীন গাঁও খনৰ প্ৰায় দুশ বছৰীয়া এটা মন্দিৰক আশ্ৰয় কৰি তাতে বাস কৰি আছিল আন কেইটামান পৰিয়ালে ৷ কিন্তু ক্ৰমাৎ লুইতৰ গ্ৰাসলৈ যোৱাৰ উপক্ৰম হৈছে এই পৌৰাণিক মন্দিৰটো ৷

এটা মন্দিৰৰ কাষত বাগৰি বাগৰি কান্দিছে একাংশ ৰাইজে

গাঁও খনৰ বাবে জীৱন-মৰণৰ সহচৰ স্বৰূপ আছিল মন্দিৰটো ৷ কিন্তু এতিয়া কোন মূহুৰ্তত লুইতৰ বুকুত নিচিহ্ন হৈ পৰে তাৰ কোনো ঠিক নাই ৷ সেয়েহে গঞা ৰাইজে মন্দিৰটোলৈ আহি অন্তিমবাৰৰ বাবে সেৱা জনাইছে ৷ পৰম্পৰাগত ভাৱে আঁঠু লৈ সকলোৱে চকুলো টুকিছে ৷ আনফালে মেচিন নাও লগাই মন্দিৰটোৰ কিছু সম্পদ ৰক্ষাৰ চেষ্টা চলাইছে একাংশই ৷ শ শ বছৰ ধৰি মূৰ দোঁৱাই অহা মন্দিৰ ভাগ গৰাখহনীয়াই লৈ যাব, সেই দুখতে আটাইয়ে হিয়া ঢাকুৰি কান্দিছে ।

তাৰে এগৰাকী মহিলাই বুঢ়া লুইতত আত্মজাহ দিয়াৰো চেষ্টা ৷ কথমপি প্ৰাণ ৰক্ষা মহিলাগৰাকীৰ ৷ গৰাখহনীয়াত সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ এইদৰে হিয়া ঢাকুৰি কান্দিছে এইসকল লোকে ৷ গাঁওবাসীয়ে অন্তিম বাৰ মন্দিৰ দৰ্শন কৰি সেৱা জনায় বিদায় লৈছে সেই স্থানৰ পৰা ৷ উক্ত মন্দিৰটোৰ সমষ্ট আচ-বাব চমজাই দিব ওচৰৰ আন এটা মন্দিৰত । পৰিবৰ্তনকামী চৰকাৰে এই সকল গৰাখহনীয়াগ্ৰস্ত লোকৰ চকুপানী মচিব পাৰিব নে ! দিল্লী-দিছপুৰীয়াসকলৰ কাণত এই বিননি পৰিবনে নাই সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰীঃ সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details