মৰিগাঁও,12 নৱেম্বৰঃহৃদয় বিদাৰক এটা ঘটনা ৷ এই ঘটনা প্ৰথম বাৰৰ বাবে ইটিভি ভাৰতত প্ৰকাশিত হোৱাৰ পিছতে মৰিগাঁও জিলা প্ৰশাসনে পদপথৰ ওপৰত দুদিন ধৰি পৰি থকা এটা মৃতদেহৰ যাৱতীয় সৎকাৰৰ ব্যৱস্থা । মৰিগাঁও কাছাৰী ৰোডৰ এখন দোকানৰ বাৰাণ্ডাত পৰি আছিল কাঞ্চা বৰদলৈ নামৰ দুৰ্ভগীয়া অনাথ লোকজনৰ নিঠৰ দেহ ৷ দুদিন ধৰি মৃতদেহটোৰ কোনো গৰাকী নোলোৱাত তেনেদৰেই দোকান খনৰ বাৰাণ্ডাত পৰি আছিল ৷ কিন্তু ইটিভি ভাৰতত এই বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাৰ পিচতে স্থানীয় প্ৰশাসনে মৃতদেহটো উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰে ৷
ইটিভি বাতৰিৰ প্ৰভাৱঃ প্ৰশাসনে উদ্ধাৰ কৰিলে মৰিগাঁৱত পৰি থকা মৃতদেহ - The body was found in Marigaon by the administration after the ETV news broke. Etv Bharat News Impact
ইটিভি ভাৰত অসমৰ বাতৰিৰ পিছতে তৎপৰ হ'ল মৰিগাঁৱৰ জিলা প্ৰশাসন। একমাত্ৰ ইটিভি ভাৰত অসমত প্ৰচাৰ হৈছিল দুদিন পদপথত মৃতদেহ শীৰ্ষক এক বাতৰি ।
![ইটিভি বাতৰিৰ প্ৰভাৱঃ প্ৰশাসনে উদ্ধাৰ কৰিলে মৰিগাঁৱত পৰি থকা মৃতদেহ ইটিভি বাতৰিৰ প্ৰভাৱঃ প্ৰশাসনে উদ্ধাৰ কৰিলে মৰিগাঁৱত পৰি থকা মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9518966-thumbnail-3x2-morigaon.jpg)
ইটিভি বাতৰিৰ প্ৰভাৱঃ প্ৰশাসনে উদ্ধাৰ কৰিলে মৰিগাঁৱত পৰি থকা মৃতদেহ
উল্লেখ্য যে,দোকানৰ বাৰাণ্ডাত অনাথ লোক এজনৰ মৃতদেহ এনদৰে দুদিনধৰি পৰি থকাৰ পিচতো কোনো এজন লোক আগবাঢ়ি অহা নাছিল মৃতদেহটোৰ দায়িত্ব ল'বলৈ ৷ একেদৰে সততে ৰাস্তাই ঘাতে প্ৰতিবাদ কৰি তাল ফাল লগাই থকা বিভিন্ন দল সংগঠন সমূহেও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৷ অৱশেষত ইটিভি ভাৰতত প্ৰকাশিত বাতৰি চাই মৰিগাঁও জিলা প্ৰশাসনৰ বিষয়া কৰ্মী উপস্থিত হৈ মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে ৷
লগতে চাওকঃ কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ