মৰিগাঁও, 20 ডিচেম্বৰ: ৰাজনৈতিক নেতাৰ সকলৰ প্ৰায় এমাহজোৰা নিৰ্বাচনী প্ৰস্তুতিৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ পাচতে শনিবাৰে শান্তি পূৰ্ণ ভাৱে সম্পন্ন হ'ল তিৱা পৰিষদৰ নিৰ্বাচনৰ সকলো যাৱতীয় কাম ৷ দুই এটা সৰু বৰ নিৰ্বাচনী সংঘাটৰ মাজেৰে তিৱা পৰিষদীয় নিৰ্বাচনৰ সফল সমাপ্তি ঘটাৰ পাচতে শনিবাৰে ঘোষণা হ'ল নিৰ্বাচনৰ ফলাফল ৷
তিৱা পৰিষদৰ নিৰ্বাচনৰ সফল সমাপ্তিত জিলা প্ৰশাসনৰ ধন্যবাদ জ্ঞাপন - Thanks to the district administration
শনিবাৰে শান্তি পূৰ্ণ ভাৱে সম্পন্ন হ'ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন ৷ প্ৰায় এমাহজোৰা নিৰ্বাচনী প্ৰস্তুতিৰে সম্পন্ন হোৱা তিৱা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে নিৰ্বাচনী বিষয়া তথা স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰত মৰিগাঁও জিলাৰ 18টা পৰিষদীয় সমষ্টিত শান্তি পূৰ্ণ ভাৱে নিৰ্বাচন সম্পন্ন হোৱাৰ পাচতে মৰিগাঁও জিলা উপায়ুক্ত, নিৰ্বাচনী বিষয়া তথা স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলে জিলাখনৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই ৷ জিলাখনত নিৰ্বাচন আৰু ভোট গনণাৰ সময়ত কোনো ধৰনৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হোৱা নাই বুলিও সদৰী কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক:দলে বিচাৰিলে তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহীৰ দায়িত্ব ল'বলৈ সাজু মদন দেউৰী