অসম

assam

ETV Bharat / state

ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ - মৰিগাওঁ জিলা

ক'ৰণা সংক্ৰমন ৰোধৰ বাবে শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৱে একেলগে পাঠ কৰিলে শপত বাক্য ৷ মৰিগাঁৱৰ এখন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে ল'লে এই পদক্ষেপ ৷ জিলাখনত ক'ভিড সংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

ক'ৰণা প্ৰতিৰোধৰ বাবে শিক্ষক ছাত্ৰ ছাত্ৰীৰ শপত বাক্য পাঠ
ক'ৰণা প্ৰতিৰোধৰ বাবে শিক্ষক ছাত্ৰ ছাত্ৰীৰ শপত বাক্য পাঠ

By

Published : Oct 10, 2020, 7:59 AM IST

মৰিগাঁও, 10 অক্টোবৰ:মৰিগাঁৱত ক'ভিড সংক্ৰমণ ৰোধৰ উদ্দেশ্য আগত ৰাখি শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ শপত বাক্য পাঠ ৷ মৰিগাঁৱৰ গেৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ নেতৃত্বত এই বিশেষ পদক্ষেপ গ্ৰহণ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাত ক'ভিড-19 ৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ ফলতে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিদ্যালয় খনত এই কাৰ্যসূচী পালন কৰা হয় ৷

মৰিগাঁৱত ক'ৰণা প্ৰতিৰোধৰ বাবে শিক্ষক ছাত্ৰ ছাত্ৰীৰ শপত বাক্য পাঠ

উল্লেখ্য যে ক'ভিড-19 ৰ বিৰুদ্ধে অসমে এতিয়াও যুঁজ অব্যাহত ৰাখিছে ৷ মৰিগাওঁ জিলাতো অব্যাহত আছে এই যুদ্ধ ৷ জিলাখনত দিনক দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গেৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুমনি গোস্বামীৰ নেতৃত্বত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে শপত গ্ৰহণ কৰে ৷

লগতে পঢ়ক:হিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল

ABOUT THE AUTHOR

...view details