মৰিগাঁও, ২৫ অক্টোবৰ :মৰিগাঁও গেৰুৱা তাপতলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । অসবৰ্ণ বিবাহ কৰা বাবে মৃতদেহ প্ৰবেশ কৰিব নিদিয়ে পিতৃগৃহত । মৰিগাঁও গেৰুৱা তাপতলাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো । ঘটনাৰ বিৱৰণি অনুসৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তাপতলাৰ অমল বৰঠাকুৰ নামৰ লোকজনে অন্য় সম্প্ৰদায়ৰ ছোৱালীক বিবাহ কৰা বাবে আজিৰে পৰা ২০ বছৰ পূৰ্বে ঘৰৰ পৰা উলিয়াই দিছিল পিতৃয়ে । নৱমীৰ নিশা এক পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় অমল বৰঠাকুৰৰ । বুধবাৰে বিয়লি ভাগত অমল বৰঠাকুৰৰ মৃতদেহটো পিতৃগৃহত প্ৰৱেশ কৰিব নিদিয়ে তেওঁৰ পৰিয়ালে ।
অমল বৰঠাকুৰৰ পৰিয়ালৰ এই অমানৱীয় কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ ৰাইজে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব খোজোতেই ঘৰত থকা অমল বৰঠাকুৰৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে কটু ভাষাৰে গালি গালাজ কৰে । এক কথাত ক'বলৈ গ'লে দুয়োপক্ষৰ আকোৰগোজ তথা অসবৰ্ণ বিবাহ কৰাৰ অপৰাধত পুত্ৰ অমল বৰঠাকুৰ নশ্বৰ দেহ বাটতে ৰাখি থোৱা কাৰ্যক লৈ স্থানীয় ৰাইজ আৰু অমল বৰঠাকুৰৰ পিতৃ পৰিয়ালৰ মাজত বহুসময় ধৰি সংঘাত অব্যাহত থাকে ।