অসম

assam

ETV Bharat / state

টীয়কত নৰ সেৱা নাৰায়ণ সেৱা শীৰ্ষক স্বাস্থ্য সজাগতা সভা - ডাঃ যদুনাথ বুঢ়াগোহাঁয়ে

টীয়কৰ সু-সন্তান তথা কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত বিতংভাৱে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ ৰ ওপৰতো সজাগতাৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে ৷

Teok health awarness
"নৰ সেৱা নাৰায়ণ সেৱা" শীৰ্ষক টীয়কত স্বাস্থ্য সজাগতা সভা

By

Published : Nov 15, 2020, 8:55 PM IST

Updated : Dec 14, 2022, 3:38 PM IST

টীয়ক,15 নৱেম্বৰঃ বেচৰকাৰী সংস্থা সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু অৰ্ণদা ছচিঅ' ইকনমিক হেল্থ এছ’চিয়েচনৰ সহযোগত টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ ৩২৮ নং ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত এক স্বাস্থ্য সজাগতা সম্পৰ্কীয় আলোচনা চক্র আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানত টীয়কৰ সু-সন্তান তথা কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত বিতংভাৱে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ ৰ ওপৰতো সজাগতাৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰিবলৈ চেষ্টা চলায়।

উল্লেখযোগ্য যে, সজাগতাৰ সমান্তৰালকৈ অনুষ্ঠানটিত উপস্থিত প্ৰায় দেৰ শতাধিক ৰাইজৰ মাজত বিনামূলীয়াকৈ হেণ্ড চেনিটাইজাৰ, ভিটামিন, আইৰণ, চেনীটেৰী পেড আদি বিতৰণ কৰে । অনুষ্ঠানত সেৱা ভাৰতীৰ প্রমুখ অৱিনাশ হাজৰিকাই অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ'বলৈ বিভিন্ন কুটিৰ শিল্পৰ বিষয়ে সুন্দৰভাৱে এক চমু আভাস দিয়ে আৰু পৰৱৰ্ত্তী সময়ত ইচ্ছুক সকলক প্ৰশিক্ষণৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।

Last Updated : Dec 14, 2022, 3:38 PM IST

ABOUT THE AUTHOR

...view details