মৰিগাঁও, 12 মে’:বৃহস্পতিবাৰে পুৱাই মৰিগাঁও দন্দুৱা মাধ্যমিক বিদ্যালয়ত লাগে হুৱা-দুৱা (Tension in dandua high school in Morigaon) ৷ পুৱা প্ৰাৰ্থনা সভা চলি থকাৰ মাজতেই ঢলি পৰিল এগৰাকীৰ পাচত আনগৰাকী শিক্ষাৰ্থী (Many students senseless in dandua high school) ৷ তথ্য অনুসৰি, বাতৰি যুগুত কৰা পৰলৈকে পুৱাৰ ভাগত এগৰাকী-দুগৰাকীকৈ ঢলি পৰিল মুঠ 8 গৰাকী ছাত্ৰী ৷
বিদ্যালয়খনৰ শিক্ষকে উল্লেখ কৰা অনুসৰি, পুৱা প্ৰাৰ্থনা সভা চলি থাকোতেই উশাহ ল’বলৈ কষ্ট হোৱা বুলি এগৰাকী দুগৰাকীকৈ সংজ্ঞাহীন হৈ পৰে কেইবাগৰাকীও ছাত্ৰী । এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ(Tension in Morigaon school after girl collapse during morning prayer) ৷
পৰৱৰ্তী সময়ত 108 সেৱাৰ জৰিয়তে সংজ্ঞাহীন হৈ পৰা শিক্ষাৰ্থীসকলক ভৰ্তি কৰোৱা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৷