অসম

assam

ETV Bharat / state

গ্ৰেড পে' আদায়ৰ দাবীত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও - গ্ৰেড পে' ঘূৰাই দিয়াৰ দাবী

গ্ৰেড পে' ঘূৰাই দিয়াৰ দাবীত শনিবাৰে সমগ্ৰ ৰাজ্যত অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বানত শিক্ষক সমাজে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি ৮,৭০০ টকাৰ গ্ৰেড পে' ঘূৰাই দিয়াৰ দাবীত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও ।

মৰিগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যলয় ঘেৰাও
মৰিগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যলয় ঘেৰাও

By

Published : Feb 21, 2021, 12:59 PM IST

মৰিগাঁও,২১ ফেব্ৰুৱাৰী:ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমুহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষক সকলৰ ৮,৭০০ টকাৰ গ্ৰেড পে' বাহাল ৰখাৰ দাবীত শনিবাৰে মৰিগাঁৱত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে ৷

মৰিগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যলয় ঘেৰাও

জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীয়ে সমবেত হৈ হাতে-হাতে বিভিন্ন বেনাৰ, পোষ্টাৰ, প্লে-কাৰ্ড আদি লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ জিলা শিক্ষা বিষয়া ডঃ কমল জ্যোতি গগৈৰ জৰিয়তে ৰাজ্যৰ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীলৈ মূলতঃ দুই দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়সমুহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে দাবী জনাই আহিছে ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী শিক্ষকসকলে ৷

মৰিগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যলয় ঘেৰাও

সপ্তম দৰমহা আয়োগে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক প্ৰদান কৰা ৮,৭০০ টকাৰ গ্ৰেড পে' কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী শিক্ষকসকলে অতি শীঘ্ৰে এই গ্ৰেড পে' আদায় দিয়াৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:মাজুলী-যোৰহাট সংযোগী দলং কেতিয়াও নহয়ঃ ভূপেন বৰা

ABOUT THE AUTHOR

...view details