মৰিগাঁৱত গ্লোবেল ৱাৰ্মিং ছ'চাইটিৰ উদ্যোগত চাফাই অভিযান - মৰিগাঁও
মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত মঙলবাৰে জিলা প্ৰশাসন, লায়ন্স ক্লাব মৰিগাঁও, আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত এই অভিযান কাৰ্যসূচী চলোৱা হয় ।
মৰিগাঁৱত গ্লোবেল ৱাৰ্মিং ছ'চাইটিৰ উদ্যোগত চাফাই অভিযান
মৰিগাঁও,28মে': মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত মঙলবাৰে জিলা প্ৰশাসন, লায়ন্স ক্লাব মৰিগাঁও, আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী অনুষ্ঠিত হয় । মঙলবাৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশ লৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰা উপস্থিত থাকি চিকিৎসালয়খনৰ আৱৰ্জনা চাফা কৰে । আনহাতে এই চাফাই অভিযানৰ জড়িয়তে সকলোকে পৰিষ্কাৰ পৰিচন্ন বজাই ৰাখিবলৈ অনুৰোধ জনায় ৷