মৰিগাঁও, 10 ডিচেম্বৰ : আজি অৰ্থাৎ শুকুৰবাৰে মৰিগাঁও স্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়(Swahid Divas observed in Morigaon) ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Morigaon Swahid Divas) ছবছৰীয়া অসম আন্দোলনৰ শ্বহীদ সকলক সুৱৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও মহাবিদ্যালয়ৰ নৱনিৰ্মিত বিজ্ঞান ভৱনটো শুভ উদ্বোধন কৰে ৷ লগতে উপস্থিত থকা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়াই নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি এই অনুষ্ঠানতে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বলি দিয়া মৰিগাঁও জিলাৰ 123 গৰাকী শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সৈতে চিনাকী হৈ আনুষ্ঠানিকভাৱে শ্বহীদ পৰিয়ালক সম্বৰ্দ্ধনা জনাই মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM falicited Swahid family in Morigaon) ৷