মৰিগাঁও,15 ফেব্ৰুৱাৰী:দেওবাৰে মৰিগাঁৱৰ চৰাইবাহীৰ সোণাই নৈৰ পাৰত দুদিনীয়াকৈ অনুষ্ঠিত তৃতীয় বাৰ্ষিক নাট্য মহোৎসৱৰ সফল সামৰণি পৰে । সাংস্কৃতিক চিন্তা-চেতনাৰে জন্ম লাভ কৰা হোলোং দ্যা থিয়েটাৰ সম্প্ৰতি নাট্য সংস্কৃতি গোষ্ঠীটো নগৰাভিমুখী হৈছে । মাটি আৰু শিপাৰ সৈতে সম্পৰ্ক নোহোৱা হৈ গৈছে । সেয়ে পুৰণি সম্পৰ্কক পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে বিগত দুবছৰে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত জাক-জমকতা বিহীনভাৱে গাঁৱৰ শ্ৰোতা-দৰ্শকক নাট্যৰসৰ সোৱাদ দিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে নাট্য গোষ্ঠীটোৱে ৷
হোলোং দ্যা থিয়েটাৰৰ নাট্য মহোৎসৱৰ সামৰণি - Successful end of The Theatre Festival Morigaon
সাংস্কৃতিক চিন্তা-চেতনাৰে জন্ম লাভ কৰা হোলোং দ্যা থিয়েটাৰ নামৰ নাট্য গোষ্ঠীটোৱে মৰিগাঁৱৰ চৰাইবাহী সোণাই নৈৰ পাৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা তৃতীয় বাৰ্ষিক নাট্য মহোৎসৱৰ সফল সামৰণি পৰে ৷
হোলোং দ্যা থিয়েটাৰৰ নাট্য মহোৎসৱৰ সফল সামৰণি
মন কৰিবলগীয়া যে, নতুন নাটকৰ ধাৰণাৰ প্ৰতি সঁহাৰি জনাই দুদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত হোলোঙৰ মঞ্চত ৰাজ্যৰ বহুকেইজন বিশিষ্ঠ নাট্যকাৰৰ নাট্যদলে আহি অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক আমোদ দিবলৈ সক্ষম হয় । হোলোং দ্যা থিয়েটাৰৰ অন্যতম উদ্যোক্তা প্ৰীতম যোগীয়ে জনাই যে, প্ৰতিদিনাই চাৰি-পাঁচখনকৈ নাট মঞ্চস্থ কৰি দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে নাট্যগোষ্ঠীটোৱে ৷
লগতে পঢ়ক:মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই