অসম

assam

ETV Bharat / state

Environment Education programme: মৰিগাঁৱত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক কাৰ্যসূচীৰ সফল সামৰণি - পৰিৱেশৰ বাবে জীৱন শৈলী অভিযান

অসম বিজ্ঞান সমিতিৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত সপ্তাহজোৰা Environment Education progamme চমুকৈ EEP ৰ অধীনত পৰিৱেশৰ বাবে জীৱন শৈলী অভিযান শীৰ্ষক কাৰ্যসূচীৰ মঙলবাৰে সফল সামৰণি পৰে ।

EEP
পৰিৱেশ সজাগতামূলক অনুষ্ঠান

By

Published : Mar 29, 2023, 10:51 AM IST

পৰিৱেশ সজাগতামূলক অনুষ্ঠান

মৰিগাঁও, 29 মাৰ্চ : ডি.এন.এ. অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত, চৰাইবাহী মহাবিদ্যালয়ৰ সহযোগত Environment Education Programe(EEP) ৰ অধীনত পৰিৱেশৰ বাবে জীৱন শৈলী অভিযান (A week for LiFE Campaign)ৰ "সু-স্বাস্থ্যৰ বাবে অনুকৰণীয় জীৱনশৈলী প্ৰচাৰ কৰাৰ বাবে অভিযান" শীৰ্ষক কাৰ্যসূচীৰ মঙলবাৰে সফল সামৰণি পৰে । চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমল চন্দ্ৰ নাথৰ পৌৰহিত্যত কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ মাধৰাম কাকতিয়ে । স্বাস্থ্য আৰু পৰিৱেশৰ লগত সংগতি ৰাখি বক্তৃতা প্ৰদান কৰে ক্ৰমে মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কমল চন্দ্ৰ ভূঞা আৰু মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিষয় শিক্ষক নিলাক্ষী ভূঞাই ।

পৰিৱেশ সজাগতামূলক অনুষ্ঠান

পৰিৱেশ সজাগতামূলক উক্ত অনুষ্ঠানটোত উপস্থিত থাকে অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ সম্পাদক নিৰোদ কুমাৰ বৰা আৰু ডি.এন.এ.ৰ সমন্বয়ক ইমদাদ আলী । সপ্তম দিন তথা সামৰণি‌ কাৰ্যসূচীৰ তত্বাৱধান কৰে চৰাইবাহী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড৹ নাজমা বেগমে । পৰিৱেশ শিক্ষাৰ সপ্তম দিনৰ বিষয়ৰ লগত সংগতি ৰাখি জিলা ভিত্তিক শ্লোগান আৰু প’ষ্টাৰ প্ৰতিযোগিতা এখনিও অনুষ্ঠিত কৰা হয় ।

পৰিৱেশ সজাগতামূলক অনুষ্ঠান

উন্নয়নৰ নামত আমাৰ বসতিস্থল পৃথিৱীখন আমি বহু পৰিমাণে ধ্বংসৰ গৰাহলৈ ঠেলি দিছো ৷ সাধাৰণ জনসাধাৰণৰ মাজত পৰিৱেশক লৈ কিছু সজাগতা অনাৰ উদ্দেশ্যেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আস্থানত আৰম্ভ হৈছিল LiFE(পৰিৱেশৰ বাবে জীৱনশৈলী) অভিযান ৷ এই অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যিক চৰকাৰেও বিভিন্ন ঠাইত বহু কাৰ্যসূচী হাতত লৈছিল ৷

পৰিৱেশ সজাগতামূলক অনুষ্ঠান

ৰাজ্যৰ মাজুলী, মৰিগাঁৱকে ধৰি কেইবাখনো জিলাত পৰিৱেশৰ বাবে জীৱনশৈলী সন্দৰ্ভত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মঙলবাৰে চৰাইবাহী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত আৰু মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে স্থানীয় খাদ্য আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনীৰো আয়োজন কৰে । আলোচিত বিষয় স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত দুখনকৈ গোহাৰি পত্ৰ বিতৰণৰে সামৰণি পৰে সপ্তাহজোৰা এই বিস্তৃত কাৰ্যসূচীৰ ।

লগতে পঢ়ক :Environment education programme: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে মাজুলীতো LiFE ৰ উদ্যোগত পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচী

ABOUT THE AUTHOR

...view details