মৰিগাঁও,10নৱেম্বৰঃমঙলবাৰে সদৌ তিৱা ছাত্ৰ সন্থাই আহ্বান জনোৱা 12ঘণ্টীয়া মধ্য অসম বন্ধৰ সফল সামৰণি হয় ৷ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ (ASCRDA) আইন, ২০১৭ তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা প্ৰত্যাহাৰ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ত শাসন প্ৰদান আৰু অধিসূচনাত বাদ পৰি থকা তিৱা অধ্যুষিত গাঁও সমূহক তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্তিৰ দাবীৰে বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে ৷ ইপিনে,মধ্য অসম বন্ধ শান্তিপূৰ্ণভাৱে সফল কৰাৰ বাবে মধ্য অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই বিবৃতি প্ৰেৰণ কৰে সদৌ তিৱা ছাত্ৰ সন্থাই ৷
12ঘণ্টীয়া মধ্য অসম বন্ধৰ সফল সামৰণিঃধন্যবাদ জনালে সদৌ তিৱা ছাত্ৰ সন্থাই - তিৱা স্বায়ত্ত পৰিষদ
মঙলবাৰে সদৌ তিৱা ছাত্ৰ সন্থাই আহ্বান জনোৱা 12ঘণ্টীয়া মধ্য অসম বন্ধৰ সফল সামৰণি হয় ৷ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ (ASCRDA) আইন, ২০১৭ তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা প্ৰত্যাহাৰ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ত শাসন প্ৰদান আৰু অধিসূচনাত বাদ পৰি থকা তিৱা অধ্যুষিত গাঁও সমূহ তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্তিৰ দাবীৰে বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে ৷
![12ঘণ্টীয়া মধ্য অসম বন্ধৰ সফল সামৰণিঃধন্যবাদ জনালে সদৌ তিৱা ছাত্ৰ সন্থাই Successful completion of 12 hour Central Assam shutdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9504469-976-9504469-1605022617901.jpg)
12ঘণ্টীয়া মধ্য অসম বন্ধৰ সফল সামৰণি
তদুপৰি গণতন্ত্ৰত বিশ্বাসী সদৌ তিৱা ছাত্ৰ সন্থাই ভৱিষ্যতে গ্ৰহণ কৰা সকলো ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীত মধ্য অসমৰ জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ আন্তৰিক সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবেও আহ্বান জনায় । আনহাতে, সাংবিধানিক অধিকাৰ প্ৰতিষ্ঠা হ'লে তিৱা জনগোষ্ঠী বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব বুলি সংগঠনটোৰ উপ সভাপতি দীপক আমচং, সম্পাদক চেনীৰাম মালাঙে এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ।