অসম

assam

ETV Bharat / state

ভূৰবন্ধাত আয়োজন উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান

দেওবাৰে মৰিগাঁও জিলাৰ ভূৰবন্ধা এম. ভি. স্কুলত আয়োজন কৰা হয় উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান (Sub National Polio Immunisation Campaign organized at Bhurbandha) ৷ এই অভিযানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে কেবাগৰাকীও বিধায়ক আৰু চৰকাৰী বিষয়া ৷

Polio Immunisation Campaign
ভূৰবন্ধাত আয়োজন উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান

By

Published : Sep 18, 2022, 2:13 PM IST

মৰিগাঁও, 18 ছেপ্টেম্বৰ :দেওবাৰে পুৱা‌ প্ৰায় 10:30 বজাত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাৰ ভূৰবন্ধা এম. ভি. স্কুলত উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱত উপস্থিত হৈ উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযানৰ ৰাজ্যিক শুভ উদ্বোধন কৰে (Sub National Polio Immunisation Campaign organized at Bhurbandha)। এই অনুষ্ঠাত অঞ্চলটোৰ বহু ৰাইজ উপস্থিত থাকে ৷

ভূৰবন্ধাত আয়োজন উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ‌ কৰে যে, 2014 চনতে ভাৰতবৰ্ষ মুক্ত হ’ল পলিঅ’ৰ পৰা ৷ কিন্তু কিছুমান দেশত পলিঅ' এতিয়াও আছে আৰু সেই দেশসমূহৰ পৰা আমাৰ দেশত পলিঅ’ পুনৰ সংক্ৰমণ হ’ব পাৰে ৷ সেয়েহে প্ৰতিটো শিশুৰ সুৰক্ষাৰ বাবে অসমৰ 19 খন জিলাত অভিযান হিচাপে 26 লাখৰো অধিক পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷

ভূৰবন্ধাত আয়োজন উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান

ৰাজ্যৰ কেৱল 19 খন জিলাতে নহয়, অন্যান্য জিলাসমূহতো নিয়মিত এই কাৰ্যসূচী চলি আছে । ইফালে এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে কেবাটাও শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰে ৷ লগতে সকলো জনসাধাৰণকে এই পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

ভূৰবন্ধাত আয়োজন উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান

উল্লেখ্য যে, দেওবাৰে আয়োজিত উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰাজ্যিক স্বাস্থ্য সঞ্চালক কমলজিৎ তালুকদাৰ, জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা, ৰাজ্যিক স্বাস্থ্য বিভাগ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকল ৷

লগতে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস, ভূৰবন্ধা পঞ্চায়তৰ সভানেত্ৰী আৰু বিষয়া কৰ্মচাৰীসকল, জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল, শিশুসহ মাতৃসকল, আশা আৰু অংগনবাড়ী কৰ্মীসকক ৷

লগতে পঢ়ক :গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

ABOUT THE AUTHOR

...view details