অসম

assam

ETV Bharat / state

মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী - মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী

কৰ'ণাৰ ভয়াৱহ পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছিল হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা । বিশেষ মূল্যাংকন পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল যদিও ফলাফলক লৈ সন্তুষ্ট নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী ৷

মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী
মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী

By

Published : Aug 2, 2021, 9:12 PM IST

মৰিগাঁও, 2 আগষ্ট :ৰাজ্যত অব্যাহত আছে হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক ৷ সোমবাৰে মৰিগাঁৱৰ দন্দুৱা মাধ্যমিক বিদ্যালয় আৰু জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকে শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মূল্যায়নত বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতে পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰতিবাদৰ জোৱাৰ উঠিছে ।

মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী

সোমবাৰে পৰীক্ষাৰ ফলাফলক লৈ মৰিগাঁৱৰ জাগীৰোড আৰু দন্দুৱা মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় ৷ ফলাফলৰ বাবে হোৱা মূল্যাংকনক লৈ সন্তুষ্ট নহয় পৰীক্ষাৰ্থীসকল । উল্লেখ্য যে, কৰ'ণাৰ ভয়াৱহ পৰিৱেশৰ বাবে বাতিল কৰা হৈছিল হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

বিশেষ মূল্যাংকন পদ্ধতিৰে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (AHSEC) পৰীক্ষাৰ ফলাফল ঘোষণা কৰে যদিও এই মূল্যায়নত যেন সন্তুষ্ট নহয় পৰীক্ষাৰ্থীসকল ৷ যাৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । সেই একে ছবি দেখিবলৈ পোৱা গ'ল মৰিগাঁও জিলা শিক্ষা বিভাগৰ অন্তৰ্গত দন্দুৱা মাধ্যমিক বিদ্যালয়ত। পৰীক্ষাৰ্থীসকলে অভিযোগ কৰা অনুসৰি, বিদ্যালয় কৰ্তৃপক্ষই এই মূল্যায়ন পদ্ধতিত সংঘটিত কৰিছে বহু অনিয়ম ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলে ফলাফলৰ বাবে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ(HSLC) ফলাফল ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ বিশেষ নিয়মাৱলীৰ মাজেৰে ঘোষণা কৰা 2020 -2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক:HSLC ৰ ফলাফল: সিপৰিয়া হাইস্কুলত অভিভাৱকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details