মৰিগাঁও, 10 জুন : সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত উদযাপন ছাত্ৰ সংহতি দিৱস ৷ 1974 চনৰ খাদ্য আন্দোলনত শ্বহীদ হোৱা শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতি ৰক্ষাৰ বাবে আছুৱে ৰাজ্যজুৰি পালন কৰি আহিছে এই দিৱস । বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত , ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয় 45 সংখ্যক ছাত্ৰ সংহতি দিৱস । ছাত্ৰ সংহতি দিৱসৰ পতাকা উত্তোলন কৰি সোঁৱৰণ কৰা হয় বীৰ শ্বহীদ দুগৰাকীক ৷ ইপিনে এসময়ত আছু কৰিয়েই বৰ্তমানে শাসনৰ বাঘজৰীডাল ধৰিও শ্বহীদ পৰিয়াল দুটাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ আছুৰ এই কাৰ্যসূচী বৰ্জন কৰে শ্বহীদ পৰিয়াল দুটাই ৷
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস - assam
খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াক স্মৰণ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ উদযাপন 45 সংখ্যক ছাত্ৰ সংহতি দিৱস ৷
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস
উল্লেখ্য যে, ১৯৭৪ চনৰ আজিৰ এই দিনটোতে ভূৰবন্ধাৰ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুই ছাত্ৰ পুতুল শইকীয়া আৰু গজেন ইংতিয়ে জাতিৰ বাবে পুলিচৰ গুলী বুকুত পাতি লৈছিল । কিন্তু পৰিতাপৰ বিষয় যে, বীৰ শ্বহীদ দুগৰাকীৰ পৰিয়ালবৰ্গই আজি পৰ্যন্ত লাভ নকৰিলে কোনো চৰকাৰী সাহাৰ্য্য নাপালে ৷