অসম

assam

ETV Bharat / state

বন্ধুৰ সৈতে গা ধুবলৈ গৈ ছাত্ৰৰ কৰুণ মৃত্যু

গৰু বিহুৰ দিনা বন্ধুৰ লগত গা ধুবলৈ গৈ গড়মাৰি পকৰীৱা বিলত কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হৈছে মৰিগাঁৱৰ এজন 13 বছৰীয়া ছাত্ৰই ৷ বৃহস্পতিবাৰে এছডিআৰএফ আৰু স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

By

Published : Apr 15, 2021, 10:19 PM IST

student death on goru bihu
গৰু বিহুত বন্ধুৰ সৈতে বিলত গা ধুবলৈ গৈ ছাত্ৰৰ কৰুণ মৃত্যু

মৰিগাওঁ,15 এপ্ৰিল: গৰু বিহুৰ দিনা বন্ধুৰ লগত গা ধুবলৈ গৈ গড়মাৰি পকৰীৱা বিলত কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হৈছে মৰিগাঁৱৰ এজন 13 বছৰীয়া ছাত্ৰই ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত পিংকুৰাজ ডেকা নামৰ ছাত্ৰজনে গা ধুবলৈ গৈ বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ বৃহস্পতিবাৰে এছডিআৰএফ আৰু স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ পহিলা ব’হাগৰ দিনা ছাত্ৰজনৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলায় ৷

লগতে পঢ়ক :একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ সন্দেহজনক মৃত্যু

ABOUT THE AUTHOR

...view details