মৰিগাঁও, 27 ছেপ্তেম্বৰ:দেওবাৰে দক্ষিণ মৰিগাঁৱৰ বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ বানাক্ৰান্তৰ মাজত সাহায্য প্ৰদান কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, মৰিগাঁৱৰ জাগীৰোডৰ গোভা অঞ্চল বিগত তিনিদিন ধৰি বুৰি আছিল বানত ৷ দিশহাৰা হৈ পৰিছিল সৰ্বসাধাৰণ ৰাইজ ৷ এই সন্দৰ্ভত বাতৰি প্ৰচাৰৰ পাচতেই দেওবাৰে বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ বাবে উপস্থিত হয় ৰাজ্যিক মন্ত্ৰী গৰাকী ৷
মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চল
মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷
মন্ত্ৰী পীযুষ হাজৰিকা
আনহাতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী আৰু মেঘালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত গোভা মৌজাৰ অন্তৰ্গত পলাহগুৰি, গোভা, কুঠৰী, ডাৱৰঘাট আদি অঞ্চল বৰ্তমান বানৰ কবলত ৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দেওবাৰে সেই বানাক্ৰান্ত অঞ্চলসমূহো পৰিদৰ্শন কৰে ৷
লগতে পঢ়ক:কিলিং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল