অসম

assam

ETV Bharat / state

মৰিগাঁও শাখাৰ এচবিআই গ্ৰাহকৰ পৰা ধন হৰলুকি - ভাৰতীয় ষ্টেট বেংক মৰিগাঁও শাখা

ভাৰতীয় ষ্টেট বেংক মৰিগাঁও শাখাত জালিয়াতিৰে ধন হৰলুকি কৰা ঘটনা সংঘটিত হৈছে ৷ কোনো দুষ্ট চক্ৰই চে'ক জালিয়াতি কৰি ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে বেংকটোত ৷ জানিব পৰা বেংকটোৰ এজন গ্ৰাহকৰ একাউণ্টৰ পৰা 7,20,000 টকা দুষ্ট চক্ৰই লুটি নিয়ে ৷

মৰিগাঁও শাখাৰ এচবিআই গ্ৰাহকৰ পৰা ধন হৰলুকি
মৰিগাঁও শাখাৰ এচবিআই গ্ৰাহকৰ পৰা ধন হৰলুকি

By

Published : Apr 13, 2021, 9:43 AM IST

মৰিগাঁও , 13 এপ্ৰিল : ভাৰতীয় ষ্টেট বেংক মৰিগাঁও শাখাত জালিয়াতিৰে ধন হৰলুকি কৰা ঘটনা সংঘটিত হৈছে ৷ কোনো দুষ্ট চক্ৰই চে'ক জালিয়াতি কৰি ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে বেংকটোত ৷ জানিব পৰা বেংকটোৰ এজন গ্ৰাহকৰ একাউণ্টৰ পৰা 7,20,000 টকা দুষ্ট চক্ৰই লুটি নিয়ে ৷

ঘটনাৰ বিৱৰণ অনুসৰি মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষীৰ থানাৰ অন্তৰ্গত মিকিৰভেটা গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন গ্ৰাহকৰ একাউণ্টৰ পৰা 7,20,000 টকা দুষ্ট চক্ৰই লুটি নিয়ে ৷ জাকিৰ হুছেইনে জনোৱা মতে, তেও মৰিগাঁও ভাৰতীয় ষ্টেট বেংকৰ শাখাত আবেদন কৰিছিল চে'ক বুক। চে'ক বুকখন ডাকযোগে অহাৰ পাচতে মিকিৰভেটা গাঁৱৰ জাকিৰ হুছেইন নামৰ আন এজনৰ পত্নীয়ে তেওঁৰ স্বামীৰ নামত অহা বুলি ডাকোৱালৰ পৰা সংগ্ৰহ কৰে বুলি জানিবলৈ দিছে ভুক্তভোগী জাকিৰ হুছেইনে ৷

মৰিগাঁও শাখাৰ এচবিআই গ্ৰাহকৰ পৰা ধন হৰলুকি

উল্লেখ্য যে, ভুক্তভোগী জাকিৰ হুছেইনে বেংকৰ পৰা টকা উঠাবলৈ লোৱা সময়তে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ তেওঁ একাউণ্টত টকা নোহোৱা দেখি লোকজনে বেংকৰ বিষয়াক বিষয়টো অৱগত কৰে ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এই যে বৰ্তমান সময়লৈকে ধন হৰলুকি কৰা চক্ৰটোক এতিয়াও ধৰা পেলাব পৰা নাই ৷

লগতে পঢ়ক: অসমৰ মাটিত দুই কিলোমিটাৰ পথ নিৰ্মাণ মিজো আগ্ৰাসনকাৰীৰ

ABOUT THE AUTHOR

...view details