মৰিগাঁও,19 জুলাই:ইতিমধ্যে ঘোষণা হোৱা চিবিএছই ব’ৰ্ডৰ অধীনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে ৷ মৰিগাঁৱৰ ছাত্ৰী ৰুবীনাই ছটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি 90.6 শতাংশ নম্বৰ লাভেৰে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ হাবিবৰঙাবাৰী বড়িগাঁৱৰ মহেন্দ্ৰ নাথ আৰু অঞ্জনা দেৱীৰ একমাত্ৰ জীয়ৰী ৰুবীনাই গুৱাহাটীৰ মনৰ্ফট ছেকেণ্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷ একমাত্ৰ জীয়ৰীৰ সাফল্যত গৌৰৱান্বিত ৰুবীনাৰ পৰিয়ালৰ লগতে অঞ্চলবাসী ৷ ছাত্ৰীগৰাকীয়ে নিজৰ কৃত্বিতৰ বাবে ধন্যবাদ জ্ঞাপন কৰে পৰিয়ালৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক ৷
চিবিএছইৰ চূড়ান্ত পৰীক্ষাত উজলিল বিশেষভাৱে সক্ষম ছাত্ৰী - ৰুবীনা দেৱী
দিব্যাংগসকলক আগবাঢ়ি যাবলৈ দিয়ক,অৱহেলা নকৰিব- এই ভাষ্য সদ্যঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 90.6 শতাংশ নম্বৰ লাভৰে মৰিগাঁৱলৈ কৃতিত্ব কঢ়িয়াই অনা বিশেষভাৱে সক্ষম ছাত্ৰী ৰুবীনা দেৱীৰ ৷
বিশেষভাৱে সক্ষম ছাত্ৰীৰ সফলতা লাভ
দিব্যাংগসকলক আগবাঢ়ি যাবলৈ দিয়ক,অৱহেলা নকৰিব- এই ভাষ্য সদ্যঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 90.6 শতাংশ নম্বৰ লাভৰে মৰিগাঁৱলৈ কৃতিত্ব কঢ়িয়াই অনা বিশেষভাৱে সক্ষম ছাত্ৰী ৰুবীনা দেৱীৰ ৷
লগতে চাওকঃমৰাণৰ লেঙেৰীত কোৱাৰেন্টাইন সামগ্ৰী বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ