অসম

assam

ETV Bharat / state

PMAY Anomaly in Morigaon : প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত মৰিগাঁৱৰ বিশেষভাৱে সক্ষম ব্যক্তি - বিশেষভাৱে সক্ষম

চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত মৰিগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল ৷ পৰিয়ালটিৰ মুৰব্বী দুয়োজনেই বিশেষভাৱে সক্ষম ব্যক্তি ৷ পঞ্চায়ত প্ৰতিনিধিৰ চৰম উদাসীনতাৰ বাবে পৰিয়ালটি বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা ৷

Specially Abled Family Deprived of Govt Schemes
এটি দুৰ্ভগীয়া পৰিয়ালৰ মুখ্যমন্ত্ৰীলৈ আহ্বান

By

Published : Aug 9, 2023, 6:56 PM IST

চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত মৰিগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল

মৰিগাঁও, 9 আগষ্ট : মৰিগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা ৷ পৰিয়ালটিৰ মুৰব্বী দুয়োজনেই বিশেষভাৱে সক্ষম ব্যক্তি ৷ তথাপিও আজিকোপতি পৰিয়ালটি বঞ্চিত চৰকাৰী আৱাস গৃহৰ পৰা ৷ প্ৰধান মন্ত্ৰী আবাস যোজনা আচঁনিয়ে এতিয়াও ঢুকি পোৱা নাই মৰিগাঁৱৰ এই বিশেষভাৱে সক্ষম পৰিয়ালটিক ৷ পঞ্চায়ত প্ৰতিনিধিৰ ল'ৰা ধেমালি তথা চৰম উদাসীনতাৰ বাবে পৰিয়ালটি বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা ৷ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পৰিয়ালটোৰ ৷

স্থানীয় মানিপুৰ গাঁও পঞ্চায়ত প্ৰতিনিধি বিশেষকৈ পঞ্চায়ত সভাপতিৰ ওচৰলৈ পৰিয়ালটি গ’লে কয় "এতিয়াই সময়‌ হোৱা নাই" ৷ আঞ্চলিক পঞ্চায়ত সদস্যৰ ওচৰলৈ গলে কয় ঘৰ আহিলে পাব ইত্যাদি ৷ মুঠৰ ওপৰত আজিলৈকে চৰকাৰী আৱাস যোজনাৰ পৰা বঞ্চিত হৈ আছে মৰিগাঁৱৰ এই দৰিদ্ৰ পৰিয়ালটো ৷ ফলত পৰিয়ালটি একাধিক সমস্যাৰ সন্মুখীন হৈ অহাৰ বিপৰীতে অধ্যয়নৰত দুই সন্তান বঞ্চিত হ’ব লগা হৈছে উপযুক্ত অধ্যয়নৰ পৰিৱেশৰ পৰা ৷ ইঘৰ সিঘৰত খুজি-মাগি কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটিৰ আছে দুগৰাকীকৈ কণমানি ছোৱালী ৷

পৰিয়ালটি চলাবলৈ অপাৰগ হৈ পৰিছে সন্তান দুটিৰ বিশেষ ভাৱে সক্ষম পিতৃ-মাতৃ ৷ সংবাদ মাধ্যমক জনোৱা মতে অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটি ৷ ভূৰবন্ধা উন্নয়ন খণ্ডৰ মানিপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চাৰণপাৰ ঔজাৰীৰ বাবলু হালদাৰ নামৰ বিশেষ ভাৱে সক্ষম ব্যক্তি জনে আজিকোপতি চৰকাৰী আৱাস গৃহ নোপোৱাৰ ফলত ক্ষোভিত হৈ পৰিছে পৰিয়ালটো ৷ চৰকাৰী আৱাস গৃহৰ আচঁনিয়ে ঢুকি নোপোৱা পৰিয়ালটি এতিয়া দুই সন্তানৰ সৈতে জৰাজীৰ্ণ বাসগৃহতেই দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে ৷

বিভিন্ন সময়ত এটি চৰকাৰী আৱাস গৃহৰ লগতে অৰুণোদয় আঁচনিৰ বাবে মানিপুৰ গাওঁ পঞ্চায়তত আবেদন-নিবেদন কৰিও বঞ্চিত হোৱা পৰিয়ালটিয়ে এতিয়া এটা চৰকাৰী ঘৰৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত কৰযোৰে আবেদন জনাইছে ৷

লগতে পঢ়ক :Assam japanese encephalitis update:কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ফলত প্ৰথমটো মৃত্যুৰ ঘটনা

ABOUT THE AUTHOR

...view details