মৰিগাঁও, ১২ নৱেম্বৰ:শেহতীয়াকৈ বিভাজিত সদৌ তিৱা ছাত্ৰ সন্থাক (All Tiwa Students Union) একত্ৰিত কৰাৰ লক্ষ্যৰে শনিবাৰে মৰিগাঁও জিলাৰ পবিতৰাহাট প্ৰেক্ষাগৃহত এখন বিশেষ অভিৱৰ্তন অনুষ্ঠিত হয় (Special session of Tiwa organization)। উক্ত বিশেষ অভিৱৰ্তনত নেতাসকলে বিভাজনৰ পৰিৱৰ্তে জাতিটোৰ হকে কাম কৰিবলৈহে আহ্বান জনায় (Ex Tiwa Student Union leadermeeting at Marigaon) ।
এই অভিৱৰ্তনখন পৰিচালনা কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত মছৰং, মৰিগাঁও জিলা সমিতিৰ সভাপতি অনুপম পাটৰ আৰু কামৰূপ জিলা সমিতিৰ সভাপতি গোপন দলৈয়ে । সভাখনত বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই তিৱা ছাত্ৰ সন্থাৰ বিভাজনক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁলোকে এই সন্দৰ্ভত কয়, "তিৱা ছাত্ৰ সন্থাৰ একাংশ নেতৃত্বৰ বাবে আমি লাজ পাবলগীয়া হৈছে । এনে বিভাজিত ছাত্ৰ সংগঠনে কেতিয়াও জাতীয় সমস্যা সমাধান কৰিব নোৱাৰে ।"