মৰিগাঁও, 9 জুনঃ নিজকে চিবিআইৰ বিষয়া বুলি ৰাম ঠগন দি অৱশেষত মৰিগাঁৱৰ আৰক্ষী জালত পৰিল ভুৱা চিবিআই বিষয়া কলম নাথ ৷ ২০০৫ চনত চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাই চিবিআইৰ জালত পৰা কমল নাথ নামৰ প্ৰবঞ্চকটো পুনৰ শনিবাৰে আটক হৈছে চিবিআইৰ স্বয়ম্ভু বিষয়াৰ ৰূপধৰি চলোৱা প্ৰতাৰণাৰ বাবে ৷ চাহ জনগোষ্ঠীৰ নেতাগৰাকীৰ হত্যা আৰু তদানীন্তন শিক্ষামন্ত্ৰী ৰিপুণ বৰাক চিবিআয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ সৈতে কমল নাথৰ নাম সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছিল ৷ তাৰোপৰি কবিন বৰকাকতি নামৰ কৃষিবিভাগৰ প্ৰাক্তন বিষয়াক ধন দাবী কৰি দিছপুৰ আৰক্ষীৰ জালত পৰা মৰিগাঁৱৰ মিকিৰভেটা থানাৰ অন্তৰ্গত হাবিবৰঙাবাৰীৰ এই কমল নাথ পুনৰ আটক হৈছে স্বয়ম্ভূ চিবিআইৰ বিষয়া ৰূপে চলোৱা প্ৰবঞ্চনাৰ বাবে ৷
মৰিগাঁৱত আৰক্ষীৰ জালত ভুৱা চিবিআই বিষয়া - কমল নাথ
নিজকে CBI ৰ ASI ৰূপে চিনাকি দি গুৱাহাটীৰ নবগ্ৰহৰ এজন লোকৰ পুত্ৰ-কন্যাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চকটোৱে ১৭ লাখ টকা আত্মসাৎ কৰাৰ লগতে মিকিৰভেটাৰ বিনোদ নাথ নামৰ এজন লোকৰ পৰাও চাকৰি দিয়াৰ প্ৰলোভনেৰে আঢ়ৈ লাখ টকা আত্মসাৎ কৰিছিল ৷
মৰিগাঁৱত আৰক্ষীৰ জালত ভুৱা চিবিআই বিষয়া
লগতে পঢ়কঃ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ৬
Last Updated : Jun 9, 2019, 12:46 PM IST