অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ ভূৰাগাঁও ইউ বি আই বেংকত দালালৰাজৰ অভিযোগ গ্ৰাহকৰ

অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা শাখাটোত দালালৰাজ চলাই অহা কেইজনমান লোকে গ্ৰাহকৰ জমা ৰখা ধন উলিওৱাৰ বাবত উৎকোচ লোৱাক লৈ অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। লগতে এইচাম দালালক টকা নিদিলে বৃদ্ধ বৃদ্ধাসকলো এবেলা ৰ'বলগীয়াত পৰে বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে।

মৰিগাঁৱৰ ভূৰাগাঁও ইউ বি আই বেংকত দালালৰাজৰ অভিযোগ গ্ৰাহকৰ

By

Published : Jun 24, 2019, 4:55 PM IST

Updated : Jun 24, 2019, 5:56 PM IST

মৰিগাঁও, ২৪ জুনঃমৰিগাঁৱৰ ভূৰাগাঁৱত উত্তেজনাময় পৰিস্থিতি। ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত থকা ইউ বি আই বেংকত গ্ৰাহকে জমা ৰাখা ধন উলিয়াবলৈ আহি প্ৰায়ে দালালৰ সন্মুখীন হ'বলগীয়া হয়। ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘ দিনৰ পৰা শাখাটোত দালালৰাজ চলাই অহা কেইজনমান লোকে গ্ৰাহকৰ জমা ৰখা ধন উলিওৱাৰ বাবত উৎকোচ লোৱাক লৈ অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। লগতে এইচাম দালালক টকা নিদিলে বৃদ্ধ বৃদ্ধাসকলো এবেলা ৰ'বলগীয়াত পৰে বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে।

মৰিগাঁৱৰ ভূৰাগাঁও ইউ বি আই বেংকত দালালৰাজৰ অভিযোগ গ্ৰাহকৰ

সোমাবাৰেও শাখাটোত অনুৰূপ কাণ্ড চলি থকাৰ ফলত দালালৰ স'তে তৰ্ক বিৰ্তকত লিপ্ত হয় একাংশ গ্ৰাহক। একাংশ সচেতন গ্ৰাহক উত্তেজিত হৈ শাখাটোৰ কৰ্মচাৰী তথা দালালৰ বিৰূদ্ধে গৰজি উঠে। ফলত বিত্তীয় প্ৰতিষ্ঠানটোত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়। পৰৱৰ্তী সময়ত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Last Updated : Jun 24, 2019, 5:56 PM IST

ABOUT THE AUTHOR

...view details