অসম

assam

ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ - শ্বহীদ গজেন ইংতি

মৰিগাঁৱৰ ভূৰবন্ধাৰ বৰবিলা গাঁৱৰ শ্বহীদ গজেন ইংতিৰ আত্মবলিদানৰ বিপৰীতে চৰকাৰে পৰিয়ালটোক প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিবস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ

By

Published : Jun 10, 2019, 12:53 PM IST

মৰিগাঁও,10 জুনঃ ১৯৭৪ৰ শ্বহীদ গজেন ইংতি,পুতুল শইকীয়াৰ স্মৃতি ৰক্ষাৰ বাবে আছুৱে 10 জুনৰ দিনটোত ৰাজ্যজুৰি পালন কৰি আহিছে ছাত্ৰ সংহতি দিৱস। এইবাৰ শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ ছাত্ৰ সংহতি দিৱস বৰ্জনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মৰিগাঁৱৰ ভূৰবন্ধাৰ বৰবিলা গাঁৱৰ শ্বহীদ গজেন ইংতিৰ আত্মবলিদানৰ বিপৰীতে চৰকাৰে পৰিয়ালটোক প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিবস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ

তাৰোপৰি একালত ছাত্ৰ সমাজৰ নেতৃত্ব লৈ মুখ্যমন্ত্ৰী হোৱা সোণোৱাল চৰকাৰে শ্বহীদ পৰিয়ালটোক উপেক্ষা কৰাৰ বাবেই এইবাৰ ছাত্ৰ সংহতি দিৱস বৰ্জনৰ সিদ্ধান্ত পৰিয়ালৰ লোকৰ ৷ ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ চৰকাৰ গঠন কৰা মন্ত্ৰী বিধায়ক সকলৰ প্ৰতাৰণাৰ বিৰোধিতাৰে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত 1974 চনৰ অৰ্থনৈতিক তথা খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ ৷ আগন্তুক সময়ত খাদ্য আন্দোলনৰ এই উপেক্ষিত শ্বহীদ পৰিয়ালটোক চৰকাৰে কেনেদৰে সন্মান জনাই সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ শান্তি নিবাসে আশ্ৰয় দিলে অসহায় বৃদ্ধা শকুন্তলাক

ABOUT THE AUTHOR

...view details