নদীত গাখীৰ পেলাই গো-পালকৰ প্ৰতিবাদ জাগীৰোডত - গো-পালকৰ প্ৰতিবাদ
কিলিং নদীত গাখীৰ ঢালি সীতাজখলাৰ গো-পালকৰ প্ৰতিবাদ। গো-পালকে গাখীৰৰ উপযুক্ত মূল্য নোপোৱাৰ বাবে এই প্ৰতিবাদ ৷ প্ৰতিবাদত মৰিগাঁও,নগাঁও , গোলাঘাট,যোৰহাট,নলবাৰী আৰু বৰপেটাৰ থলুৱা কৃষকৰ যোগদান
জাগীৰোড,16 আগষ্ট : জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত সমবায় সমিতিখনৰ সন্মুখত থলুৱা কৃষক তথা গো-পালকৰ প্ৰতিবাদ। কিলিং নদীত গাখীৰ ঢালি সীতাজখলাৰ গো-পালকৰ প্ৰতিবাদ । বৃহস্পতিবাৰে টেংকীয়ে টেংকীয়ে কিলিং নদীত গাখীৰ পেলাই প্ৰতিবাদ গো-পালকৰ। থলুৱা গো-পালকে গাখীৰৰ উপযুক্ত মূল্য নোপোৱাৰ বাবে এই প্ৰতিবাদ গো-কৃষকৰ। সমান্তৰালকৈ এই প্ৰতিবাদ পূৰবী ডেইৰীৰ বিৰুদ্ধে। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ অৰ্থাৎ পূৰবী ডেইৰীয়ে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ণ নিগমৰ সহযোগত অসমৰ সমবায় আইনকো অংগুষ্ঠ প্ৰদৰ্শন কৰি থলুৱা সমবায় সমূহৰ এলেকাধীন অঞ্চল সমূহত নীতি বহিৰ্ভূতভাৱে বহু সংখ্যক দুগ্ধ উৎপাদক গোট গঠন কৰি মধ্যভোগীৰ জৰিয়তে থলুৱা সমবায় সমূহৰ অংশীদাৰসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি অভিযোগ কৰে। একেদৰে থলুৱা সমবায় সমূহক বিভিন্ন প্ৰকাৰে দুৰ্বল কৰি নিঃশেষ কৰাৰো চক্ৰান্ত অব্যাহত ৰাখিছে বুলি অভিযোগ ভুক্তভোগী গো-পালকসকলৰ। অভিযোগ মতে,এই পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ সুদূৰ গুজৰাটৰ পৰা নিয়ন্ত্ৰিত হৈ আহিছে। উল্লেখযোগ্য যে,1958 চনতে স্থাপিত সীতাজখলা দুগ্ধ সমবায়ৰ লগত কমেও দহ হাজাৰ থলুৱা গোপালকক জড়িত হৈ আছে। এই ক্ষেত্ৰত সীতাজখলাৰ লগতে মৰিগাঁও,নগাঁও,যোৰহাট,গোলাঘাট,নলবাৰী আৰু বৰপেটাৰ এই গোপালক সকলে এই চিন্তন ধৰ্মঘটৰ মাধ্যমেৰে তেওঁলোকৰ দাবী পূৰণ কৰি থলুৱা কৃষকৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহক দাবী জনাইছে। লগতে পূৰবী ডেইৰীৰ কৃষক বিদ্বেষী নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এনে প্ৰতিষ্ঠানক চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে বুলিও দাবী কৰিছে গো-কৃষকসকলে । এই প্ৰতিবাদত মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,নলবাৰী আৰু বৰপেটাৰ থলুৱা কৃষক সকলেও যোগদান কৰে ।