অসম

assam

ETV Bharat / state

চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান - প্ৰাচীন শিলচাং ৰাজ্য

মৰিগাঁৱত প্ৰত্নতাত্বিক সমল অবহেলিত । অসম চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয় এখন তথ্য ফলক আঁৰি থৈয়ে দায়িত্বৰ সামৰণি ।

চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান
চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান

By

Published : Nov 12, 2020, 6:59 AM IST

মৰিগাঁও, 12 নৱেম্বৰ : ৰজা দিনীয়া প্ৰাচীন শিলৰ চাং উপ্ৰেক্ষিত মৰিগাঁৱত । সংৰক্ষণ অভাৱত হাবি-বননিৰে আৱৰি ধৰিছে মৰিগাঁৱৰ ঐতিহাসিক শিল চাঙৰ শিলচাং সমূহ ।

চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান

প্ৰচলিত জনশ্ৰুতি মতে প্ৰাচীন শিলচাং ৰাজ্যৰ ৰজাই এই শিলৰ চাঙত হবি ৰাজপৰিষদৰ বিভিন্ন ডা ডাঙৰীয়াৰ সৈতে বিভিন্ন আলোচনাত সমবেত হৈ আলোচনা কৰিছিল । মনকৰিবলগীয়া যে, ৰজাদিনীয়া এই শিলচাঙত নিৰ্দিষ্ট কৰি থোৱা শৈলাসনত নিৰ্দিষ্ট ডা-ডাঙৰীয়া সকলেহে আসন গ্ৰহণ কৰাটো আছিল ৰাজদিনীয়া উল্লেখযোগ্য পৰম্পৰা ।

চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান

কিন্তু এইহেন ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থানৰ সংৰক্ষণৰ নামত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ অসম চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ জৰিয়তে এই শিলচাং অধ্যয়ন আৰু সংৰক্ষণ বাবে এখন তথ্য ফলক আঁৰিয়েই দ্বায়িত্বভাৰ সামৰিলে বিভাগে ।

লগতে পঢ়ক :বঙাইগাঁৱৰ পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ

ABOUT THE AUTHOR

...view details