নগাঁও,4 নৱেম্বৰঃবিভিন্ন সময়ত নানা ধৰণৰ মন্তব্য কৰি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ধুবুৰীৰ শুকুৰ আলীয়ে এইবাৰ নিজকে দাবী কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ষ্টাৰ কোম্পেইনাৰ বুলি।
নগাঁৱৰ বটদ্ৰৱাত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি বুধবাৰে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত উপস্থিত হয় শুকুৰ আলী। সংবাদ মাধ্যমৰ সন্মুখত নিজকে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বুলি দাবী কৰি বিতৰ্ক চলি থকা মিঞা মিউজিয়াম সন্দৰ্ভত মন্তব্য কৰে শুকুৰ আলীয়ে।