অসম

assam

By

Published : Sep 18, 2019, 11:44 PM IST

ETV Bharat / state

NRC নহয় NPR ৰ পোষকতা শিলাদিত্যৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত পুনৰ বিৰ্তকিত মন্তব্য বিধায়ক শিলাদিত্যৰ ৷ এন আৰ চি মূল্যহীন আখ্যা শিলাদিত্যৰ ৷ প্ৰথমে আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য প্ৰকাশ ৷

NRC নহয় NPR ৰ পোষকতা শিলাদিত্যৰ

মৰিগাঁও , 18 চেপ্তেম্বৰঃবুধবাৰে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত বঙালী পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত উপস্থিত হয় হোজাইৰ বিধায়ক শিলাদিত্য দেৱ ৷ এন আৰ চিৰ কোনো মূল্য নাই বুলি মন্তব্য কৰি বিধায়কজনে কয় যে, এন আৰ চিয়ে চৰকাৰী সকলো কাগজ পত্ৰ মূল্যহীন কৰিলে ৷ ১৯৭১ চনৰ পাছত অসমলৈ অহা লোকসকল স্বদেশী হ'ল আৰু পঞ্চাশ চনতে অহা লোকো বিদেশী হ'ল কাগজৰ অভাৱত ।

NRC নহয় NPR ৰ পোষকতা শিলাদিত্যৰ

এন আৰ চিক কটাক্ষ কৰি তেওঁ কয় যে এন আৰ চিৰ নাম সলনি কৰি ইয়াক এন পি আৰ অৰ্থাৎ নেচনেল পপুলেশ্বন ৰেজিষ্টাৰ বুলি ঘোষণা কৰিব লাগে য'ত বিদেশী স্বদেশী সকলোৰে নাম অন্তৰ্ভুক্ত হৈ থাকিব ৷ সকলোৰে বাবে প্ৰথমে আধাৰ কাৰ্ডৰ ব্যৱস্থা হোৱাৰ পাছত এন আৰ চি হোৱাটো উচিত বুলি মত প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই ৷

ABOUT THE AUTHOR

...view details