অসম

assam

Protest in Morigaon: মৰিগাঁৱত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কেইবাটাও তিৱা সংগঠনৰ

By

Published : Jun 6, 2023, 8:06 PM IST

ছয় দফীয়া দাবীৰে মৰিগাঁৱত প্ৰতিবাদত নামিল কেইবাটাও তিৱা সংগঠন ৷ অহা 30 জুনলৈকে ধাৰাবাহিকভাৱে এই প্ৰতিবাদ চলাই নিয়া হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে (Protest in Morigaon) ৷

Protest in Morigaon
Tiwa organization announced a continuous protest

মৰিগাঁৱত গণধৰ্ণা কাৰ্যসূচী

মৰিগাঁও, 6 জুন: মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ পন্থা, সদৌ মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত গণধৰ্ণা কাৰ্যসূচী ৰূপায়ন ৷ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তিৱা স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ৰাজধানী সম্প্ৰসাৰণৰ সিদ্ধান্ত বাতিল কৰা, কাৰ্বি আংলং জিলাত থকা তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে (Protest in Morigaon) ৷

ইয়াৰোপৰি মধ্য অসমৰ জনজাতি সংৰক্ষিত বিধানসভা সমষ্টি গঠন কৰা, অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু ভিটিআৰত বাংলাদেশী হিন্দু বাঙালীসকলক মাটিৰ অধিকাৰ প্ৰদানৰ ঘোষণা বাতিল কৰা আৰু অত্যাৱশীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি ছয় দফীয়া দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তোলে (Tiwa organisation protest) ।

মঙলবাৰে এই গণধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ জিলা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজে ঘোষণা কৰে এলানি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী (Protest against govt) ।

লগতে পঢ়ক:Protest against CM: মৰিগাঁও চহৰৰ মাজমজিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ইফালে সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনীৰাম মালাঙৰ ফৈদে ঘোষণা কৰা একেই কাৰ্যসূচীৰ সন্দৰ্ভত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰহ্লাদ মছৰঙৰ ফৈদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত পাতৰে মন্তব্য কৰি কয়, ‘‘তিলক সকলৰ বাবে আমি এটা কাৰ্যসূচী ৰূপায়ন কৰাৰ বিষয়ে ঘোষণা কৰিছো ৷ তেওঁলোকে তথা চেনীৰাম মালাঙৰ ফৈদেও যদি অনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰে তাত আমাৰ ক’ব বলগীয়া নাই । কিন্তু আধৰুৱাকৈ এৰিলে কোনোবা ৰাজনৈতিক নেতাৰ মিতিৰালিৰ ফলত বন্ধ কৰা বুলি ৰাইজে গণ্য কৰিব (Morigaon Protest news) ।’’

এই কাৰ্যসূচীৰ জৰিয়তে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে । আগন্তুক ৩০ জুনলৈ ধাৰাবাহিকভাৱে তিৱা জাতিৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details