অসম

assam

ETV Bharat / state

Bihu dance workshop: মৰিগাঁৱত সপ্তাহজোৰা বিহুনাচ কৰ্মশালাৰ আয়োজন

ৰাজ্যত এইবাৰ ৰঙালীৰ উছাহ কিছু সুকীয়া ৷ গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে অসমৰ প্ৰায় প্ৰতিখন জিলাতে বিহুনাচ কৰ্মশালা অনুষ্ঠিত হয় ৷ পূৰ্বৰ বিহু কৰ্মশালাৰ তুলনাত এইবাৰৰ কৰ্মশালাত সকলোকে দুগুণ উৎসাহেৰে যোগদান কৰা দেখা গৈছে ৷ বহু ঠাইত ইতিমধ্যে বিহু কৰ্মশালা শেষ হৈছে যদিও এতিয়াও নতুন নতুনকৈ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে (Bihu dance workshop) ৷ মৰিগাঁৱত সাতদিনীয়াকৈ আৰম্ভ হৈছে বিহুনাচ কৰ্মশালা ৷

Bihu dance workshop
বিহু কৰ্মশালা

By

Published : Apr 5, 2023, 10:30 AM IST

মৰিগাঁৱত সপ্তাহজোৰা বিহুনাচ কৰ্মশালা

মৰিগাঁও, 5 এপ্ৰিল :

উজায়ে আহিলে মাছে কি মগৰে
উজায়ে আহিলে শিহু,
কান্ধতে ঢোলেটি মুখতে পেঁপাটি
পালেহি ব'হাগৰ বিহু ।

হয় চিৰাচৰিত ৰীতি মতেই প্ৰকৃতিৰ বুকুলৈ নামিছে হেঁপাহৰ বসন্ত । বসন্তৰ বতৰা পাই গাঁৱৰ চহা, কৃষক, হালোৱা, ৰোৱনী, দাৱনী ৰূপী বিহুৱা ডেকা-গাভৰুৰ মন প্ৰাণত উছাহৰ ঢল । সেয়েহে আঠুমূৰত চুৰিয়া, মূৰত ফুলাম বিহুৱানৰ পাগমখৰি, কঁকালত টঙালি, হাতৰ মুঠিত ৰুমাল বান্ধি ঢোলত চাপৰ মাৰি বিহুৰ আখৰা বাকৰিলৈ ওলাইছে ঢোলীয়া ডেকাটি । মুখত কলিদৈ ম'হৰ শিঙৰ পেঁপাটি, হাতত টকাটি, তালযোৰ লৈ গাইছে জাত নাম ,গাইছে যোৰা নাম ।

তাকে দেখি গাভৰু নাচনীয়ে বিহুনামৰ মাজেৰে গাইছে-
ঢোলেটি বাবৰে তিনিটি আঙুলি
মাজৰটি আঙুলি লৰে,
যেতেকে লৰিব ঢোলীয়াৰ আঙুলি
তেতেকে জেউতি চৰে ।

শেহতীয়াকৈ মৰিগাঁও জিলাৰ জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাতদিনীয়াকৈ বিহুনাচ আৰু বিহুবাদ্যৰ কৰ্মশালা আৰম্ভ হৈছে (Bihu dance workshop) । ডেৰ শতাধিক ঢুলীয়া নাচনীৰ অংশগ্ৰহণেৰে উজ্জ্বীৱিত হৈছে বিদ্যালয়খনৰ খেলপথাৰ ।

বিহু গীত আৰু বিহু নাচক বাদ দি অংকন কৰিব নোৱাৰি অসমীয়াৰ মানচিত্ৰ । জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সাতদিনীয়াকৈ আয়োজন হোৱা বিহুনাচ আৰু বিহুবাদ্য কৰ্মশালাত উপস্থিত হৈ এই মন্তব্য কৰে শিক্ষক তথা কবি, সাহিত্যিক, নাট্যকাৰ ৰাজুমনি শইকীয়াই । বিগত বছৰৰ দৰে এইবেলিও জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই সাতদিনীয়াকৈ আয়োজন কৰিছে বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালাৰ (seven days bihu dance workshop in Morigaon) ।

মংগলবাৰে কৰ্মশালাৰ শুভ উদ্বোধন কৰে মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দয়া কৃষ্ণ গগৈয়ে । বাপতি সাহোন বিহুটিৰ প্ৰতি বৃহত্তৰ জাগী ভকতগাঁও অঞ্চলত অভিভাৱক তথা প্ৰশিক্ষাৰ্থীসকলৰ আগ্ৰহ দেখি অভিভূত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে শিক্ষা বিষয়াগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা বৃন্দলৈ । আনহাতে ভিন ভিন বয়সৰ ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীক লৈ প্ৰশিক্ষণ আৰম্ভ কৰে মুখ্য প্ৰশিক্ষক বিশ্বজ্যোতি চেতিয়া আৰু মালা ডেকাই । উলেখ্য যে, জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা এই বৰ্ষৰ ৰঙালী বিহু উৎসৱত এই প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰাই বচা বচা বিহুৱাই মুকলি বিহু পৰিৱেশন কৰিব বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হ'ল প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকল ।

লগতে পঢ়ক :Bihu dance and dhol badan workshop:তিনিচুকীয়াত ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজিত বিহুনাচ, ঢোলবাদন কৰ্মশালাৰ সামৰণি

ABOUT THE AUTHOR

...view details