অসম

assam

ETV Bharat / state

Assam Tea Employees Association: অসম চাহ কৰ্মচাৰী সংঘৰ নগাঁও শাখাৰ অধিৱেশনৰ সামৰণি - Assam Tea Employees Association

চাহ বাগিচাৰ কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ ধন বৃদ্ধিৰ দাবী জনাইছে অসম চাহ কৰ্মচাৰী সংঘৰ নগাঁও শাখাই (Assam Tea Employees Association)। অসম চাহ কৰ্মচাৰী সন্থাৰ সম্পাদক প্ৰদীপ গায়নে এই বিষয়ে সদৰি কৰিছে ।

62nd session of Nagaon branch of Assam Tea Employees Association
অসম চাহ কৰ্মচাৰী সংঘৰ নগাঁও শাখাৰ ৬২ তম্ অধিৱেশন

By

Published : Mar 6, 2023, 8:06 PM IST

অসম চাহ কৰ্মচাৰী সংঘৰ নগাঁও শাখাৰ ৬২ তম্ অধিৱেশন

মৰিগাঁও,৬ মাৰ্চ:অসম চাহ কৰ্মচাৰী সংঘৰ নগাঁও শাখাৰ ৬২ তম্ অধিৱেশনৰ সোমবাৰে সামৰণি পৰে (62nd session of Nagaon branch of Assam Tea Employees Association)। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ নেলীৰ গোপাল কৃষ্ণ চাহ বাগিচাত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছিল অসম চাহ কৰ্মচাৰী সংঘ নগাঁও শাখাৰ ৬২ তম্‌ দ্বি-বাৰ্ষিক অধিৱেশনখন ৷ নেলীৰ গোপাল কৃষ্ণ চাহ বাগিচা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনত চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ বিষয়ে আলোচনা কৰা হয় (Nellies Krishna Tea Estate)। এই সমস্যাসমূহ সমাধান সন্দৰ্ভতো আলোচনা কৰা হয় ৷

‌অসম চাহ কৰ্মচাৰী সন্থাৰ সম্পাদক প্ৰদীপ গায়নে এই সন্দৰ্ভত কয় যে চাহ বাগিচাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন নীতি বলবৎ, ভৱিষ্যত নিধিৰ ধন বৃদ্ধিৰ লগতে বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষকসকলৰ চাকৰিৰ মান উন্নত কৰাৰ দাবী জনাইছে অসম চাহ কৰ্মচাৰী সংঘই । তেওঁ পুনৰ কয় যে বিশেষকৈ ৰাজ্যৰ তিনিখন আগশাৰী চাহ বাগিচাত ১৫ হাজাৰৰ অধিক পাৰিতোষিক লাভ কৰা কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ ধন কৰ্তন কৰিবলৈ লোৱা কাৰ্যত গৰিহণা দি শীঘ্ৰে ভৱিষ্যত নিধিৰ ধন সংৰক্ষণৰো দাবী জনাইছে অসম চাহ কৰ্মচাৰী সন্থাই ।

অসম চাহ কৰ্মচাৰী সন্থাৰ সম্পাদক প্ৰদীপ গায়নে পুনৰ কয় যে প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে সংশোধিত দৰমহাত স্বাক্ষৰিত আৰু সেই অনুসৰি বেচিক পেৰ লগত চল্লিশ শতাংশ দৈনিক মজুৰিৰো দাবী জনোৱা হৈছে । নেলীৰ এই অধিৱেশনৰ প্ৰতিনিধি সভাই আগন্তুক দিনত চাহ কৰ্মচাৰী সকলৰ পাৰিতোষিক, ভৱিষ্যত নিধি, দৈনিক ভাট্টাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । উক্ত অধিৱেশনতে বিশেষকৈ ৩ বছৰৰ মূৰে-মূৰে স্বাক্ষৰিত হোৱা সংশোধিত দৰমহা চুক্তি অনুসৰি কৰ্মচাৰীসকলৰ দৈনিক ভাট্টা বৃদ্ধি কৰা, বাগিচা এলেকাৰ প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক সকলৰ পদমৰ্যাদা উন্নত কৰা, পেঞ্চন নীতি নৱীকৰণ, কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ সমস্যা সমাধান কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৰাজ্য় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি শাখাৰ সম্পাদক প্ৰদীপ গায়নে সদৰি কৰিছে ।

লগতে পঢ়ক:Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details