মৰিগাঁও,8 ডিচেম্বৰ:মৰিগাঁও আৰক্ষীৰ সফল অভিযান । আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত চলা অভিযানত তিনি শতাধিক নকল সাৰৰ বস্তা জব্দ কৰে মৰিগাঁও আৰক্ষীয়ে ৷ মৰিগাঁও জিলা ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত আহঁতগুৰিৰ এটা সাৰৰ ভঁৰালত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে বুজন পৰিমাণৰ নকল সাৰখিনি।
মৰিগাঁৱত নকল সাৰ জব্দ - মৰিগাঁও
মৰিগাঁও জিলা ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত আহঁতগুৰিত জব্দ তিনি শতাধিক নকল সাৰৰ বস্তা ৷ এই সাৰৰ কলা ব্যৱসায়ৰ লগত জড়িত আয়ুব আলী সহ ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷
মৰিগাঁৱত নকল সাৰ জব্দ
ইয়াৰ বিপৰীতে এই সাৰৰ কলা ব্যৱসায়ৰ লগত জড়িত আয়ুব আলীসহ ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত । এই বিষয়ে এক সংবাদ মেল যোগে সদৰি কৰে মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ।