মৰিগাঁও, 18 এপ্ৰিল :শনিবাৰে মৰিগাঁৱত দুখনকৈ গাঁও ছীল কৰে মৰিগাঁও জিলা প্ৰশাসনে। অঞ্চলটোৰ বাসিন্দাসকলক ঘৰতে কোৱাৰেণ্টাইন কৰাৰ লগতে প্ৰৱেশ নিষিদ্ধ কৰিলে বাহিৰা মানুহৰ ।
ছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও
মৰিগাঁৱৰ দুখনকৈ গাঁও টেঙাগুৰি আৰু ভূৰাগাঁও ছীল কৰে মৰিগাঁও জিলা প্ৰশাসনে । নিজামুদ্দিন মাৰ্কাজলৈ যোৱা মৰিগাঁৱৰ দুজন লোকৰ দেহত কোভিড- 19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ ৷ আৰক্ষীয়ে ৰাজপথ বন্ধ কৰি বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে চিকিৎসকসকলে ঘৰে ঘৰে গৈ মৰিগাঁওবাসীৰ স্বাস্থ্যৰ বুজ লৈছে ৷
ছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও
লগতে পঢ়ক : বৰপেটাৰ হাউলী চহৰত কেঁকো সাপ উদ্ধাৰ