অসম

assam

ETV Bharat / state

মৰিগাঁৱত চেনিটাইজ কৰা হৈছে বিদ্যালয় সমূহ - শিক্ষা বিভাগৰ নিৰ্দেশনা

শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো বিদ্যালয়সমূহত চলিছে চেনিটাইজেচনৰ প্ৰক্ৰিয়া । ছমাহৰ পাছত পুনৰ খুলিব বিদ্যালয় সমূহ ।

মৰিগাঁৱত চেনিটাইজ কৰা হৈছে বিদ্যালয় সমূহ
মৰিগাঁৱত চেনিটাইজ কৰা হৈছে বিদ্যালয় সমূহ

By

Published : Sep 19, 2020, 6:20 AM IST

মৰিগাঁও, 18 ছেপ্টেম্বৰ :ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়, মহাবিদ্যালয়ৰ সমূহ পৰিস্থিতি সাপেক্ষে খোলাৰ বিষয়ে ঘোষণা কৰাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বিদ্যালয়ৰ দেখা গৈছে তৎপৰতা । ব্যতিক্ৰম নহয় মৰিগাঁও জিলা বিদ্যালয়সমূহ । শুকুৰবাৰে ইয়াৰ অংশৰূপে মৰিগাঁও চহৰৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানতো চলিছে চেনিটাইজেচনৰ প্ৰক্ৰিয়া ।

এই মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয় দৃশ্য । বিগত তিনি দিন ধৰি অধ্যক্ষ জয়ফুল নাথৰ নেতৃত্বত চাফাই কৰ্মচাৰী ব্যস্ত হৈ পৰিছে চেনিটাইজ কৰা । সমান্তৰালভাৱে বিদ্যালয়খনৰ বাহিৰে ভিতৰে বিভিন্ন পৰিস্কাৰ কৰি সাজু হৈছে পুনৰ পাঠদান দিয়াৰ বাবে ।

পিছে এতিয়া প্ৰশ্ন হৈছে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো গণসংক্ৰমণৰ সংখ্যা উদ্ধেগজনক ভাৱে বৃদ্ধি পাইছে । মৰিগাঁৱত বৰ্তমানলৈ চৰকাৰী নিৰিখ মতে আক্ৰান্ত হৈছে 2787 গৰাকী ব্যক্তি । তেনেক্ষেত্ৰত কোন অভিভাৱকে বিদ্যালয়লৈ আগবঢ়াই দিব নিজৰ কণ কণ ছাত্ৰ ছাত্ৰীক, তাক লৈ প্ৰশ্ন হৈছে ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক বাৰু কিমান পালন কৰিবলৈ সক্ষম হ’ব সামাজিক দূৰত্ব, মাক্স পৰিধান বা হেণ্ড চেনিটাইজাৰৰ বিধি সন্মত সৰ্তকতামূলক নীতি নিৰ্দেশনা ।

লগতে পঢ়ক :কাগজ কল পুনৰ কাৰ্যক্ষমৰ দাবীঃমুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details