অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন লুণ্ঠনৰ অভিযোগ, গোচৰ দাখিল ভুক্তভোগীৰ - মৰিগাঁও জিলা ফৌজদাৰী আদালত

মৰিগাঁও জিলা পাভকাটি গাঁও পঞ্চায়তত কেলেংকাৰী । মৃত হিতাধিকাৰীৰ আই ডি ব্যৱহাৰেৰে চুণ্ঠন চলোৱাৰ অভিযোগ ৷ দুই পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ বঞ্চিত হিতাধিকাৰী ।

scam in PMAY Morigaon
মৰিগাঁও জিলা পাভকাটি গাঁও পঞ্চায়তত কেলেংকাৰী

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:17 AM IST

মৰিগাঁও জিলা পাভকাটি গাঁও পঞ্চায়তত কেলেংকাৰী

মৰিগাঁও, 1 ডিচেম্বৰ: মৰিগাঁও লাহৰীঘাটত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন লুণ্ঠনৰ ঘটনা । ন ন কৌশল খটুৱাই একাংশ পঞ্চায়ত কৰ্মীয়ে চৰকাৰী ধন সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে । মৃত ব্যক্তিৰ নামত গৃহ আবণ্টন কৰি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জি পি চি আৰু ঠিকাদাৰৰূপী দালালৰ বিৰুদ্ধে ।

ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে এগৰাকী ভুক্তভোগী মহিলা ৷ মহিলাগৰাকী মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পাভকাটি গাঁও পঞ্চায়তৰ বাসিন্দা । মহিলাগৰাকীৰ নাম চমলা খাতুন । মহিলাগৰাকীৰ স্বামীৰ নাম ৰেজ্জাক আলী, যাৰ 8 বছৰ পূৰ্বে মৃত্যু ঘটিছে । ৰেজ্জাক আলীৰ মৃত্যুৰ 8 বছৰ পিছত তেওঁৰ নামত থকা আই ডি নম্বৰ 2214931 যোগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি গৃহ আবণ্টন হয় ।

মৰিগাঁও জিলা পাভকাটি গাঁও পঞ্চায়তত কেলেংকাৰী

গৃহ আবণ্টন হোৱাৰ পিছত ৰেজ্জাক আলীৰ অকলশৰীয়া পত্নীয়ে গম নোপোৱাকৈ কৌশলেৰে আবণ্টিত ধন একাউণ্টৰ পৰা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে । এই সমস্ত জালিয়তি কাণ্ডৰে পঞ্চায়তটোৰ জিপিচি মুজামিল হ’ক আৰু ঠিকাদাৰৰূপী দালাল আবুল কাশেম জড়িত বুলি মহিলাগৰাকীয়ে অভিযোগ তুলিছে ।

মৰিগাঁও জিলা পাভকাটি গাঁও পঞ্চায়তত কেলেংকাৰী

দৰিদ্ৰ মহিলাগৰাকীয়ে পঞ্চায়ত কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও গৃহ লাভ কৰিবলৈ সক্ষম হোৱা নাই । স্থানীয় লোকৰ জৰিয়তে তেওঁৰ নামত গৃহ আবণ্টন হৈছিল বুলি জানিব পাৰে । মহিলাগৰাকী পঞ্চায়ত কাৰ্যালয়ত এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছতো কোনো সুফল লাভ কৰিব নোৱাৰিলে । অৱশেষত দৰিদ্ৰ মহিলাগৰাকীয়ে মৰিগাঁও জিলা ফৌজদাৰী আদালতত সমস্ত জালিয়াতি কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা জিপিচি মুজামিল হ’ক আৰু দালাল আবুল কাশেমৰ লগতে পঞ্চায়ত সভাপতি, খণ্ড উন্নয়ন বিষয়া, সচিব আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ন্যায় বিচাৰি গোচৰ দাখিল কৰে ।

লগতে পঢ়ক:একেডোখৰ মাটিকে বিক্ৰী কৰিব পাৰি এজনতকৈ অধিক লোকক ! কিন্তু কেনেকৈ ?

ABOUT THE AUTHOR

...view details