অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী - একমাত্ৰ উপাৰ্জনক্ষম পিতৃৰ অসুস্থতা

এটা পাঁচজনীয়া পৰিয়াল। গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোত আছে তিনি দিব্যাংগ পুত্ৰ-কন্যা । শেহতীয়াকৈ পিতৃ আক্ৰান্ত হৈছে এক জটিল ৰোগত। যি কৰুণ কাহিনী শুনিলে সকলোৰে সেমেকি উঠিব দুচকু। কঁপি উঠিব সকলো হৃদয়ৱান লোকৰ অন্তৰাত্মা।

তিনি দিব্যাংগ পুত্ৰ-কন্যা, লগতে জটিল ৰোগত আক্ৰান্ত পৰিয়াল
মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী

By

Published : Jul 8, 2020, 12:12 PM IST

মৰিগাঁও, 8 জুলাই :মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণগাঁথা ৷ পাঁচজনীয়া পৰিয়ালটোলৈ আজিৰ পৰা ১৫/১৬ বছৰ আগতে আহিছিল অমানিশা ৷ ব্ৰহ্মপুত্ৰৰ মথাউৰিত বাস কৰাৰ সময়তে জ্যেষ্ঠ পুত্ৰ দিপাংকৰ ক্ৰমশঃ খোজকাঢ়িব নোৱাৰা হৈছিল ৷ চিকিৎসালয়লৈ নিয়াৰ পাচত চিকিৎসকে এই ৰোগৰ কোনো ঔষধ নাই বুলি জনোৱাৰ লগতে কনিষ্ঠ পুত্ৰ সোণমণিও এই ৰোগত আক্ৰান্ত হ'ব বুলি জানিবলৈ দিছিল ৷

মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী

চিকিৎসকে কোৱাৰ দৰেই কিছুদিন পাচত সোণমণিও এই ৰোগত আক্ৰান্ত হয়। চকুৰ আগতে দুই পুত্ৰৰ এই অৱস্থাত অসহায় হৈ পৰে দুই সন্তানৰ পিতৃ-মাতৃ ৷ ইয়াৰ পাচতে তেওঁলোকৰ জীৱনলৈ আহে ববী নামৰ এগৰাকী কন্যা সন্তান ৷ মুকবধিৰ হিচাপে জন্মগ্ৰহণ কৰা ববী মানসিকভাৱেও দুৰ্বল আছিল ৷

ইয়াৰ পাছতে পৰিয়ালটোলৈ আহে অন্য এক দূৰ্যোগ ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভেটি-মাটি উছন কৰে পৰিয়ালটোৰ। তথাপি কৃষিকৰ্মৰে তিনি দিব্যাংগ পুত্ৰ-কন্যা আৰু পত্নী মিনু শইকীয়াক ভৰণ-পোষণ দি আহিছিল মিনুৰ স্বামীয়ে ৷

মিনুৰ ভায়েকে বিগত মাহত মৰিগাঁৱৰ সমীপৰ পাত্ৰবড়ীত যোগাৰ কৰি দিছিল একঠা মাটি। এটা চৰকাৰী আৱাসো তেওঁলোকে লাভ কৰিছিল। কিন্তু,নিয়তিৰ পৰিহাস অৱশেষত একমাত্ৰ উপাৰ্জনক্ষম পিতৃ আক্ৰান্ত হ'ল এক জটিল ৰোগত। এতিয়া এই পাঁচজনীয়া পৰিয়ালটোৰ সুস্থ বুলিবলৈ মাতৃ মিনু শইকীয়াহে আছেগৈ ৷

সেয়ে আকাশ খহি পৰিছে মাতৃ মিনুৰ মূৰৰ ওপৰত। বৰ্তমান এই পৰিয়ালটোৱে সহায় ভিক্ষা কৰিছে ৷ কোনো সদাশয় ব্যক্তিয়ে এই পৰিয়ালটোলৈ সহায় প্ৰদান কৰিব বিচাৰিলে এছবিআইৰ একাউন্ট নম্বৰ 34215844610, IFSCode- SB IN0009624 ত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰে ৷ ইয়াৰোপৰি, পৰিয়ালটোৰ সৈতে 9954873217 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক :ইটিভিৰ বাতৰিৰ প্ৰভাৱ : জালিয়াতিৰে মাটি বিক্ৰী কৰি নিলম্বিত শিক্ষক

ABOUT THE AUTHOR

...view details