অসম

assam

ETV Bharat / state

ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্তৰ কাষত ৰূপক শৰ্মা

ৰূপক শৰ্মাই গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি অতি শীঘ্ৰে এই সমস্যাৰ সমাধান উলিয়াব বুলি কয় ৷

By

Published : Jun 10, 2019, 9:17 PM IST

ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্তসকলৰ কাষত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা

মৰিগাঁও, 10 জুনঃ সোমবাৰে ৮১নং লাহৰীঘাট সমষ্টিত উপস্থিত হ'ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা ১০ নং নগাঁও লোকসভাৰ বিজেপিৰ সাংসদ পদৰ পৰাজিত প্ৰাৰ্থী ৰূপক শৰ্মা ৷ ভূৰাগাঁৱত উপস্থিত হৈ দলীয় কৰ্মী সকলৰ লগত দীঘলীয়া আলোচনা কৰাৰ লগতে প্ৰাৰ্থীৰাকীয়ে ভূৰাগাঁৱৰ বাৰুকাটাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বিধ্বংসী অঞ্চল পৰিদৰ্শন কৰে ।

ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্তসকলৰ কাষত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা

ৰূপক শৰ্মাই গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি অতি শীঘ্ৰে এই সমস্যাৰ সমাধান উলিয়াব বুলি কয় ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে লাহৰীঘাট সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব বুলি খহনীয়াগ্ৰস্ত লোকসকলক আশ্বাস দি ৰূপক শৰ্মাই লাহৰীঘাটৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতো আলোচনা কৰিব বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details