ধিং, 24 ডিচেম্বৰ :অসম সাধাৰণ জনতাৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা এখন অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি ৷নগাঁও জিলাৰ বকলীয়াঘাটৰ সাধাৰণ জনতাৰ মাজত এই আঁচনিক লৈ সৃষ্টি হৈছে এক সমস্যা ৷ অৰোণোদয়ে নিদ্ৰা হৰণ কৰিছে সাধাৰণ জনতাৰ লগতে বেংক কৰ্তৃপক্ষৰো ৷ বিজেপি চৰকাৰৰ অভিলাষী আঁচনি অৰোণোদয়ৰ দ্বাৰা ৮৩০ টকা লাভ কৰিবলৈ হেতা ওপৰা লগাইছে বকলীয়াঘাটৰ জনতাই ৷ পুৱা সাত বজাৰ পৰা বকলীয়াঘাটৰ একাংশ ৰাইজে গ্ৰামীণ বিকাশ বেংকটোৰ ভিতৰে বাহিৰে শাৰী পাতি এক অভাৱনীয় পৰিৱেশৰ সূচনা কৰে ৷
ইয়াৰোপৰি এনে এক উৰা বাতৰি বকলীয়াঘাটত বিয়পি পৰিছে যে, চৰকাৰে দিয়া উক্ত ধন হিতাধিকাৰীয়ে উলিয়াই নিনিলে পুনৰ উভতি যাব ৷ সেয়েহে বেংকৰ বাহিৰে ভিতৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে সৰ্ব সাধাৰণ ৰাইজৰ ভিৰ ৷ ৰসিক লোক সকলে মন্তব্য কৰিছে যে, আগন্তুক বিধান সভা নিৰ্বাচনত ভোটাৰক বাৰুকৈয়ে মন্ত্ৰমুগ্ধ কৰিব পৰা আঁচনি গ্ৰহণ কৰিছে চৰকাৰে ৷