মৰিগাঁও, 4 জানুৱাৰী: বৃহস্পতিবাৰে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয় পথ সুৰক্ষা শীৰ্ষক এখনি বিশেষ সজাগতা সভা । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু আৰক্ষী বিভাগ, জিলা পৰিবহন বিভাগ, আবকাৰী বিভাগ, লোক নিৰ্মাণ বিভাগৰ সহযোগত মৰিগাঁৱৰ বিভিন্ন চালক, মালিক আৰু ডীলাৰৰ কৰ্তৃপক্ষৰে আলোচনাত মিলিত হয় ৷
উক্ত আলোচনাৰ জৰিয়তে পথ দুৰ্ঘটনা ৰোধৰ বাবে সকলো পক্ষৰ সহযোগিতা কামনা কৰা হয় । বিশেষকৈ জিলাখনৰ চালক সন্থাসমূহৰ সভাপতি, সম্পাদকসকলক লৈ অনুষ্ঠিত হয় উক্ত আলোচনা ৷ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা আৰক্ষী থানাসমূহক সজাগ হৈ থকা নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ জৰুৰী সেৱাৰ বাবে এম্বুলেন্স সাজু কৰি ৰাখিবলৈ কয় মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ।
একেদৰে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী পাৰ্কিঙৰ ক্ষেত্ৰত আৰু সুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ হোৱা বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । মনকৰিবলগী যে বিগত সপ্তাহত জিলাখন এশজনতকৈও অধিক সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে আৰক্ষীয়ে পৰিবহন বিভাগলৈ প্ৰতিবেদন প্ৰেৰণ কৰে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।