অসম

assam

ETV Bharat / state

মৰিগাঁৱত তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষত আহত শিশুসহ 9 জন - মৰিগাঁৱত সংঘটিত পথ দুৰ্ঘটনা

মৰিগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী মেজিক-অটোভানৰ মুখামুখি সংঘৰ্ষত শিশু সহ 9 জন আহত । আহত যাত্ৰীসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

মৰিগাঁৱত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা

By

Published : Nov 11, 2019, 5:19 PM IST

মৰিগাঁও,11 নৱেম্বৰঃ মৰিগাঁও-জাগীৰোড পথৰ গলচেপাত সোমবাৰে সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত শিশুসহ 9 জনকৈ লোক আহত হয় ৷ ঘটনাৰ বিৱৰণী মতে সোমবাৰে দুপৰীয়া AS 25-DC-9445 মেজিকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-21C-1048 নম্বৰৰ অটোভানৰ লগত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ জানিব পৰা মতে যাত্ৰীবাহী মেজিকখন জাগীৰোডৰ পৰা মৰিগাঁৱৰ দিশে আৰু অট' খন মৰিগাঁৱৰ পৰা জাগীৰোডৰ দিশে গৈ থকা অৱস্থাত গলচেপাত দুৰ্ঘটনাত পতিত হয় । ঘটনাস্থলীত মৰিগাঁও জিলা যান-বাহন আৰক্ষী উপস্থিত হৈ আহতসকলক জৰুৰীকালীনভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

মৰিগাঁৱত তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষত শিশুসহ 9 জন আহত

চিকিৎসাধীন সকল হৈছে- গুণেন্দ্ৰ শৰ্মা, ৰূদ্ৰ নাথ, চামচুল নেহা, আনিছ জামাল, চামোলা খাতুন, আবু শ্বৰীদ, ৰীমা শৰ্মা,কাঞ্চন সৰকাৰ আৰু শিশু- প্ৰিয়াংক্ষী বিশ্বাস ৷

আৰু পঢ়কলখিমপুৰত ভয়াৱহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details