মৰিগাঁও, 23 অক্টোবৰ: ধিঙৰ ঢাকাইবস্তিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী বাহনে দুচকীয়া বাহন এখনক খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় দুচকীয়া বাহনখনত থকা এগৰাকী আৰোহী ৷ আনহাতে গুৰুতৰভাৱে আহত হয় আনগৰাকী আৰোহী ৷ আহত লোকগৰাকীক সংকটজনক অৱস্থাত ধিং এফ.আৰ.ইউলৈ প্ৰেৰণ কৰা হয় ৷
ধিঙত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - dhing
বৃহস্পতিবাৰে নিশা ধিঙৰ ঢাকাইবস্তিত সংঘটিত দুৰ্ঘটনাত থিতাতে এগৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় আন এগৰাকী লোক ৷
ধিঙত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
উল্লেখ্য যে,নিহত লোকগৰাকী বাচিৰ উদ্দিন বুলি চিনাক্ত কৰাৰ লগতে আহত লোকগৰাকী এমৰাজুল হক বুলি জানিব পৰা গৈছে ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে ৷ যাক লৈ ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
লগতে পঢ়ক:মৰিগাঁৱত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এজন