মৰিগাঁও, 11 ছেপ্টেম্বৰ : মৰিগাঁও- নগাঁও সংযোগী পথৰ জালুগুটিত বৃহস্পতি বাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নিশা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ জালুগুটিত অচিনাক্ত বাহনৰ খুন্দাত সৎ দাস নামৰ যুৱক এজন থিতাতে নিহত হয় ৷ উল্লেখ্য যে, নিশা প্ৰায় ২ মান বজাত জালুগুটি আৰক্ষী পহৰা চকীৰ এটা তহলদাৰী দলে পথৰ কাষত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ পৰে ৷
মৰিগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন - মৰিগাঁও নগাঁও সংযোগী পথ
মৰিগাঁৱত অচিনাকি বাহনৰ খুন্দাত নিহত এজন । আৰক্ষীৰ টহলদাৰী দলে পথৰ কাষত উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ ।
![মৰিগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন Road Accident at morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8761897-80-8761897-1599811412960.jpg)
Road Accident at morigaon