মৰিগাঁও, 9 আগষ্টঃ মৰিগাঁৱত জব্দ পাঁচ কুইণ্টল চোৰাং চাউল । ৰাইজে উদ্ধাৰ কৰি গতালে আৰক্ষীক । ঘটনা স্থলীৰ পৰা পলায়ন চাইদ আলী নামৰ চাউলৰ ক’লা বেপাৰীজন । জানিব পৰা অনুসৰি, লাহৰীঘাট বোৱালগুৰিৰ ছাইদ আলী নামৰ লোকজনে নম্বৰবিহীন এখন যাত্ৰীবাহী টেম্পুৰে চাউল বিক্ৰী কৰিবলৈ গৈছিল মৰিগাঁৱলৈ । ব্যক্তিজনক চাউলখিনি সন্দৰ্ভত সোধপোচ কৰাত প্ৰথমে লাহৰীঘাটৰ দোকানৰ পৰা কিনি অনা বুলি কৈছিল যদিও সাংবাদিকে কৌশলেৰে প্ৰশ্ন কৰাত সুৰ সলনি হয় অসাধু ব্যৱসায়ীটোৰ । ইয়াতে সন্দেহ বাঢ়ে ৰাইজৰ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যদিও চেগ বুজি পলাই যাবলৈ সক্ষম হয় ছাইদ আলী । ইফালে উদ্ধাৰ হোৱা চাউল খিনি আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে ।
মৰিগাঁৱত জব্দ চোৰাং চাউল - laharighat
ব্যক্তিজনক চাউলখিনি সন্দৰ্ভত সোধপোচ কৰাত প্ৰথমে লাহৰীঘাটৰ দোকানৰ পৰা কিনি অনা বুলি কৈছিল যদিও সাংবাদিকে কৌশলেৰে প্ৰশ্ন কৰাত সুৰ সলনি হয় অসাধু ব্যৱসায়ীৰ
মৰিগাঁৱত জব্দ চোৰাং চাউল
উল্লেখ্য যে, যিখিনি সময়ত বানাক্ৰান্তই এমুঠি চালৰ বাবে হাহাকাৰ কৰিব লগা হৈছে তেনে সময়তে এনে চুৰি চাউল উদ্ধাৰ হোৱাৰ কাৰ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।