ৰহা, 22 এপ্ৰিলঃৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ উন্মাদনা । দ্বিতীয় পৰ্যায়ত নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন সমাপ্ত হোৱাৰ পিচতে বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিহু অনুষ্ঠান । দেওবাৰে নিশা ঢোল পেঁপাৰ মাতে ৰজনজনাই উঠিল ৰহাৰ খলিহামাৰীৰ কপিলী নদীৰ পাৰ ।
ৰহাৰ খলিহামাৰীত বিহু উদযাপন
জাক-জমকতাৰ পৰা আঁতৰি কপিলীৰ পাৰত চহা ৰাইজৰ উদযাপন ৰঙালী বিহু ৷ খলিহামাৰী যুৱক সংঘৰ উদ্যোগত কপিলী পাৰৰ সান্দহখোৱা বালিত অনুষ্ঠিত হয় মুকলি বিহু ।
ৰহাৰ খলিহামাৰীত ৰঙালী নিশা
খলিহামাৰী যুৱক সংঘৰ উদ্যোগত কপিলী পাৰৰ সান্দহখোৱা বালিত অনুষ্ঠিত হয় মুকলি বিহু । বিভিন্ন বিহুৱা দলসমূহে মুকলি বিহুত অংশগ্ৰহণ কৰি কঁপাই তুলিলে কপিলীৰ পাৰ । উল্লেখ্য যে মঞ্চৰ পৰিৱৰ্তে মুকলি আকাশৰ তলত অনুষ্ঠিত কৰা হয় বিহু । লগতে উপস্থাপন কৰা হয় অতীতৰ গ্ৰাম্য চহা জীৱনৰ প্ৰতিচ্ছবি ।