মৰিগাঁও, 30 জুলাই:ঘোচখোৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত আছে (Vigilance and Anti Corruption) ৷ ইয়াৰ মাজতে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈক(CM vigilance arrested Morigaon excise superintendent) ।
সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অৱস্থাতে হাতে-লোটে ধৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী দুৰ্নীতিৰ নিবাৰক শাখাই । লগে লগে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বৰষা বৰা বৰদলৈক (Barsha Borah Bardoloi arrseted in Morigaon) ।
শুকুৰবাৰে বিয়লি ঘোচখোৰ আৱকাৰী অধীক্ষক বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহত দুৰ্নীতি নিবাৰক আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলায় ৷ ইয়াৰ পিছতে বৰষাৰ ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ বাসগৃহতো ছীল কৰে জিলা প্ৰশাসনে (Residence sealed of Barsha Borah Bardoloi in Dibrugarh) ৷ ইয়াৰ সমান্তৰালকে মহানগৰৰ বেলতলাৰ ছাৰ্ভেত থকা অমৰ এনক্লেভত অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই ৷