অসম

assam

By

Published : Aug 23, 2020, 1:20 PM IST

ETV Bharat / state

এৰী-মূগা পালনৰ জৰিয়তেও হ'ব পাৰি স্বাৱলম্বী !

কভিড-19 মহামাৰীয়ে বিশ্ব বজাৰ স্তব্ধ কৰাৰ সময়তে মৰিগাঁও সহকাৰী ৰেচম সঞ্চালক বিভাগে সদৰী কৰিছে বিশ্ব বাণিজ্য ক্ষেত্ৰখন দখল কৰাৰ এক বিশেষ কৃষি আঁচনি ।

relf reliant by rearing silk in Morigaon
এৰী-মূগা পালনৰ জৰিয়তেও হ’ৱ পাৰি স্বাৱলম্বী !

মৰিগাঁও, 23আগষ্টঃমহামাৰী কৰ’ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বৰ বজাৰ স্তব্ধ হৈ পৰাৰ সময়তে মৰিগাঁও সহকাৰী ৰেচম সঞ্চালক বিভাগে পৰিকল্পনা কৰিছে বিশ্ব বাণিজ্য ক্ষেত্ৰখন দখল কৰাৰ এক বিশেষ কৃষি আঁচনি ৷

এৰী-মূগা পালনৰ জৰিয়তেও হ’ৱ পাৰি স্বাৱলম্বী !

উল্লেখযোগ্য যে, মৰিগাঁও জিলা সহকাৰী ৰেচম সঞ্চালক বিভাগৰ উদ্যোগত এৰী-মূগা পালনৰ বিশেষ প্ৰদক্ষেপ গ্ৰহন কৰিছে ৷ বহিঃ ৰাজ্যৰ পৰা ঘৰলৈ অহা নিবনুৱা যুৱক-যুৱতীক এৰী শিল্প তথা এৰী মূগা পালনৰ জৰিয়তে পুনৰ কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰি বিশ্ব বাণিজ্যিক ক্ষেত্ৰখন দখল কৰাৰ বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ মনস্ত কৰিছে । কাৰণ বিশ্ব বজাৰত অসমৰ এৰী-পাট-মূগাই এক আছুতীয়া পৰিচয় বহন কৰিছে । শেহতীয়াকৈ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহত অসমৰ পাট, মূগা বা এৰী কাপোৰৰ চাহিদাৰ লগতে উপভোক্তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে বিশ্ব বিভিন্ন আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত অসমৰ এৰী, মূগা আৰু পাটৰ কাপোৰে দখল কৰিছে বজাৰ । কিন্তু পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় এৰী-মূগা-পাট কাপোৰৰ যোগান ধৰিব পৰা নাই বজাৰত ৷

এৰী-মূগা পালনৰ জৰিয়তেও হ’ৱ পাৰি স্বাৱলম্বী !

তাৰোপৰি লক্ষ্য ৰাখি মৰিগাঁও জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালিকা বীনা হাজৰিকা চৰকাৰক আহ্বান প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰ শীল ভাৰত আঁচনিৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক এৰী শিল্পৰ জৰিয়তে পুনৰ সংস্থাপনৰ দিহা কৰাৰ । উল্লেখযোগ্য যে, ২০-২৫ দিনতে লেটাসমূহ বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰি । ইয়াৰোপৰি এৰী ,পাট, মূগা সূতা কাটি বিক্ৰী কৰাৰ লগতে কাপোৰ বৈ বজাৰত বিক্ৰী কৰাৰ বহু থল আছে ৷ চৰকাৰে সঠিক পৰিকল্পনা আৰু গুৰুত্ব প্ৰদান কৰিলেই এৰী শিল্পই নিবনুৱা সমস্যা সামাধান কৰাৰ লগতে বহু লোকৰ উপাৰ্জনৰ পথ প্ৰসস্ত হ’ব ৷

এৰী-মূগা পালনৰ জৰিয়তেও হ’ৱ পাৰি স্বাৱলম্বী !

লগতে পঢ়কঃগোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন

ABOUT THE AUTHOR

...view details