অসম

assam

By

Published : Oct 7, 2020, 11:25 AM IST

ETV Bharat / state

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নাম লৈ ৰাজনৈতিক দল গঠনত প্ৰতিক্ৰিয়া

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নৱনিৰ্বাচিত সভাপতি অজয় ভূষণ সৰকাৰৰ অভিযোগ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ পোষকতা কৰা এই দুই নেতাৰ চৰিত্ৰ অসমবাসী ৰাইজে বুজি পায় । সদ্যসমাপ্ত বাঙালী যুৱ -ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা কৰিছো ।

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নাম লৈ ৰাজনৈতিক দল গঠনত প্ৰতিক্ৰিয়া
বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নাম লৈ ৰাজনৈতিক দল গঠনত প্ৰতিক্ৰিয়া

মৰিগাঁও, 7 অক্টোবৰ : বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নাম লৈ ৰাজনৈতিক দল গঠনত প্ৰতিক্ৰিয়া । ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি অজয় ভূষণ সৰকাৰৰ ঘোষণা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নামত ৰাজনৈতিক দল গঠন কৰাটো সহ্য কৰা নহ'ব । ই এটা অৰাজনৈতিক সংগঠন আৰু সংগঠনে ৰাজনৈতিক দলৰ পোষকতা কৰা নাই আৰু নকৰে; ইয়াৰ বিৰুদ্ধে শীঘ্ৰেই আইনৰ দ্বাৰস্থ হ'ব সংগঠন ।

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নৱনিৰ্বাচিত সভাপতি অজয় ভূষণ সৰকাৰ

সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন এটা অৰাজনৈতিক সংগঠন । এই সংগঠনে কোনো দিনে ৰাজনৈতিক দলৰ পোষকতা কৰা নাই আৰু ৰাজনৈতিক দল গঠন কৰাত পোষকতা নকৰে । ৰাজ্যত শেহতীয়াকৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত ৰাজ্যত আৰু এক ৰাজনৈতিক দল গঠন কৰিব বুলি প্ৰচাৰ চলোৱাৰ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি অজয় ভূষণ সৰকাৰে । ইটিভি ভাৰত, অসমৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনে সদায় অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখি আহিছে । এতিয়াও আছে আৰু ভবিষ্যতলৈও এইবোৰ আৰ্দশ দেখুৱাই যাব। বিশেষকৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত কেইজন মান তথাকথিত নেতাই সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ নাম লৈ অহা 10-11 ছেপ্টেম্বৰত শোণিতপুৰত গণ অভিৱৰ্তনৰ যোগেদি দিপক দে আৰু শ্যামল সৰকাৰৰ দৰে যি সকল স্বয়ম্ভূ নেতাই ৰাজনৈতিক দল খোলাৰ পোষকতা কৰিছে, সেইয়া বিৰোধিতা কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ।

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নৱনিৰ্বাচিত সভাপতি অজয় ভূষণ সৰকাৰৰ অভিযোগ, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ পোষকতা কৰা এই দুই নেতাৰ চৰিত্ৰ অসমবাসী ৰাইজৈ বুজি পায়। সদ্য সমাপ্ত বাঙালী যুৱ -ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা কৰিছো । যি কেইজন স্বয়ম্ভূ বাঙালী নেতাই বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ নাম লৈ ৰাজ্যৰ বাঙালী সমাজখনত বিভাজিত কৰিব বিচাৰে তাক আমি সহজে নেৰো । এই কেৱলমাত্ৰ দুজনমান তথাকথিত লোকৰ স্বসিদ্ধি পূৰণৰ অভিস্পাৰ বাহিৰে আন একো নহয় ।

আনহাতে নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে কয় যে ৰাজনৈতিক দল খোলাৰ অধিকাৰ আছে; কিন্ত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ নাম লৈ ৰাজনৈতিক দল খোলাৰ অধিকাৰ নাই । ইয়াৰ বিৰুদ্ধে আমি আইনৰ সাহাৰ্য্য লম বুলি সদৰী কৰে । মন কৰিবলগীয়া কথা যে, সদ্য সমাপ্ত ছাত্ৰ সংগঠনটোৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অভিৱৰ্তনত ইয়াৰ বিৰুদ্ধে বিশদভাৱে আলোচনা কৰা হৈছে বুলি মন্তব্য কৰি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নবনিৰ্বাচিত সভাপতি অজয় ভূষণ সৰকাৰে । লগতে কোকৰাঝাৰ জিলা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত প্ৰতিনিধি সভাত সকলোৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:বাঁহ ফুলৰ চাউল,বিস্কুট খাই পাইছে নে কেতিয়াবা ?

ABOUT THE AUTHOR

...view details