জাগীৰোড , 07 মে' : মুখ্যমন্ত্ৰীক অবিশ্বাস কৰে কাগজ কলৰ কৰ্মচাৰীয়ে ! নগাঁও কাগজ কলত তলা ওলমাটো চূড়ান্ত হোৱাৰ পাচত দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কলটো পুনৰুজ্জীৱিত কৰাৰ কথা সাংবাদিকৰ আগত অৱগত কৰিছিল ৷ কিন্তু কাগজ কলৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ এই কথাক বিশ্বাসত লোৱা নাই বুলি মত ব্যক্ত কৰে কৰ্মচাৰী তথা ইউনিয়নৰ বিষয়ববীয়াসকলে ৷
মুখ্যমন্ত্ৰীক বিশ্বাস নকৰে নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে - মূখ্যমন্ত্ৰী
চৰকাৰে 270 দিনৰ ভিতৰত প্ৰস্তাৱ দিয়া কথা আছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ৷ ইপিনে বাজেটত ঘোষিত 90 কোটি টকা চৰকাৰে বেলেগত খৰচ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
মূখ্যমন্ত্ৰীৰ কথাক বিশ্বাসত লোৱা নাই কাগজ কলৰ কৰ্মচাৰীয়ে !
উল্লেখ্য যে কাগজ কলক লৈ নেচনেল কোম্পানী ট্ৰিবিউনেলৰ ৰায়ৰ পাচত এই সন্দৰ্ভত চৰকাৰে 270 দিনৰ ভিতৰত প্ৰস্তাৱ দিয়া কথা আছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ৷ ইপিনে বাজেটত ঘোষিত 90 কোটি টকা চৰকাৰে বেলেগত খৰচ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে বিগত 27 মাহে কাগজ কলৰ কৰ্মচাৰীসকলে দৰমহা লাভ নকৰাত হতাশ হৈ পৰিছে কৰ্মাচাৰীসকল ৷ চৰকাৰৰ দৰমহা প্ৰদানৰ অনিশ্চয়তাত 3 জন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ৷